NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জাঁজীত ৩ সংগঠনৰ বাইক ৰেলী

Posted by: ৰাজীৱ দত্ত November 20, 2018 8:28 pm
A scene of bike rally taken out at Jhanji

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি শিৱসাগৰ আৰু যোৰহাট দুয়োখন জিলাৰ সীমামূৰীয়া জাঁজীত তিনিটাকৈ জাতীয় সংগঠনৰ দুই শতাধিক কৰ্মীয়ে এক বৃহৎ বাইক ৰেলী উলিয়াই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আহোম সেনাৰ জাঁজী আঞ্চলিক সমিতি সমূহৰ উদ্যোগত জাঁজী পেট্টল ডিপোৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক আব্দুল গফুৰ আহমদ আৰু বিশিষ্ট ব্যৱসায়ী হেমাংগ বৰুৱাই।

প্ৰায় দুই শতাধিক মটৰ চাইকেলৰ অংশগ্ৰহণেৰে বাহিৰ কৰা বাইক ৰেলীটো জাঁজীৰ পৰা ৬১ নং জাঁজী-আমগুৰি-মোককচাং সংযোগী ৰাষ্ট্ৰীয় ঘাই পথেদি আমগুৰি নগৰেদি সোমাই ধোদৰ আলি হৈ দেওৰজা-অভয়পুৰীয়া পথেৰে অতিক্ৰমী জামুগুৰিত উপস্থিত হয়।

ইয়াৰ পিছত বাইক ৰেলীটোৱে জাঁজী নদীৰ মথাউৰিয়েদি যোৰহাট জিলাত প্ৰৱেশ কৰে আৰু ললিত চন্দ্ৰ ৰাজখোৱা পথ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি প্ৰায় ৪৫ কিঃমিঃ পথ অতিক্ৰমী পুনৰ জাঁজীত মিলিত হৈ সামৰণি পৰে।

প্ৰতিবাদকাৰী সকলে এই সময়ছোৱাত ঠায়ে ঠায়ে পথ সভা অনুষ্ঠিত কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায়।