NORTHEAST NOW (Assamese)
অসম

তেজপুৰত হজৰত মহম্মদ(ছঃ) দিৱস উপলক্ষে বিনামূলীয়া ৰক্তদান শিবিৰ

Posted by: মনিমালা বৰা November 21, 2018 4:44 pm
Blood donation camp at Tezpur

তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত আজি ‘ৰক্তই জীৱন’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত তথা মুছলিম যুৱ ঐক্যৰ সহযোগত বিশ্বনৱী হজৰত মহম্মদ(ছঃ) দিৱস উপলক্ষে এক বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে মাত্ৰ ১৯ জন সদস্যক লৈ যোৰহাট জিলাৰ মাজমজিয়াত ২০১৬ চনত জানুৱাৰী মাহত ‘ৰক্তই জীৱন’ শীৰ্ষক এটি স্বেচ্ছাসেৱী সংস্থা গঠন কৰা হৈছিল।

এই সংস্থাটোৱে বহু সংখ্যক অসহায় লোকক সহায় কৰাৰ উপৰিও চিকিৎসালয়সমূহত ভৰ্তি হৈ থকা অসহায় ৰোগীসকলৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালৰ লোকে এটোপাল ৰক্ত বিচাৰি হাহাঁকাৰ কৰি থকা সময়ত বিনামূল্যে ৰক্তৰ যোগান ধৰি আহিছে।

বৰ্তমান ৫ হাজাৰতকৈও অধিক সদস্য থকা এই সংগঠনটোৱে ১৮ বছৰ বয়সলৈকে কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ উপৰিও বিনামূলীয়া চিকিৎস্যা সেৱা আগবঢ়াই অহাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ আৰু বানাক্ৰান্ত লোক সকলৰ ক্ষেত্ৰটো এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

আজি পূৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই শিবিৰত ৫০ জনতকৈও অধিক লোকে ৰক্তদান কৰিছে। ৰক্তই জীৱন শোণিতপুৰ শাখাৰ এক শতাধিক কৰ্মকৰ্তাৰ সহযোগত উক্ত ৰক্তদান শিবিৰ বিয়লি ৩ বজাত সামৰণি পৰে।