NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীক নাগৰিকত্ব বিধেয়ক বাতিল কৰিবলৈ আহ্বান জনাই ৰঙাঘৰত সোমাল যুৱক

Posted by: মুকুট দাস November 21, 2018 10:25 pm
accused Pranob Borah

নাগৰিকত্ব সংশোধনী বিধেয়ক যদি বাতিল কৰা নহয় তেন্তে আত্মহত্যা নাইবা উগ্ৰপন্থী সংগঠনত যোগ দিম বুলি ফে’চবুকত প’ষ্ট দি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল যোৰহাটৰ এগৰাকী যুৱক।

গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক যোৰহাটৰ কাকজান বেছাপতিগাঁৱৰ প্ৰনব বৰা (২৩) বুলি চিনাক্ত কৰা হৈছে।

প্ৰনব বৰাৰ ফে’চবুক প’ষ্ট

ঘটনা সম্পৰ্কত ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিকান্ত চমুৱাক সোধাত তেওঁ নৰ্থ-ইষ্ট নাওক কয়, ‘অভিযুক্ত যুৱকজনে বিধেয়কখন চৰকাৰে বাতিল নকৰিলে হয় ব্ৰহ্মপুত্ৰত আত্মহত্যা নহ’লে বিদ্ৰোহী সংগঠন আলফাত যোগদান কৰিব বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক হুংকাৰ দিছিল।‘

বুধবাৰে পুৱা ভৰলুমুখৰ সমীপৰ পৰা যুৱকজনক আটক কৰা হয় বুলি জানিবলৈ দি চমুৱাই কয় যে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (বি) ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ (এফ) ধাৰাৰ অধীনত ৯৪৯/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।

পৰৱৰ্তী সময়ত ধৃত প্ৰনব বৰাক কামৰূপ (ম) মূখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হাজিৰ কৰাই আবেলিলৈ জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আলফা স্বাধীনত যুৱকসকলে যোগদান কৰিবলৈ লোৱা বিষয়টোত সতৰ্ক থাকিবলৈ সকলোবোৰ জিলাৰ আৰক্ষী অধীক্ষকসকলক কঠোৰ নিৰ্দেশ দিছিল।