NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ জাগুনৰ অপূৰ্ব কাকতিৰ অপহৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ

Posted by: এন ই নাও নিউজ November 21, 2018 10:32 pm

তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা সোমবাৰে অৰ্থাৎ ১৯ নৱেম্বৰত এটা শিল ভঙা উদ্যোগৰ মেনেজাৰ অপূৰ্ব কাকতিক অপহৰণ কৰা ঘটনা সন্দৰ্ভত অপহৰণকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা)এ।

আজি অপূৰ্ব কাকতিয়ে কাম কৰা শিল ভঙা উদ্যোগটোৰ মালিক পূৰ্ণ বৰাক মোবাইলযোগে ফোন কৰি অপহৰণ কৰাৰ কথা সদৰী কৰাৰ লগতে অপূৰ্বৰ মাকৰ অসুস্থতাৰ বাবে দুখ প্ৰকাশ কৰি চিকি বৰাক চিকিৎসাৰ ব্যৱস্থা কৰিবৈল কয়।

তাৰোপৰি অপহৃত অপূৰ্ব কাকতি সুস্থ থকা বুলিও আলফা (স্বা)এ শিল ভঙা উদ্যোগটোৰ মালিক পূৰ্ণ বৰাক অৱগত কৰে।

উল্লেখযোগ্য যে আলফা স্বাধীনত বহু সংখ্যক নতুন যুৱক-যুৱতী যোগদানৰ বাতৰিয়ে অসম তোলপাৰ লগাই থকাৰ সময়তে ১৯ নৱেম্বৰত তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা অপূৰ্ব কাকতিক আলফা (স্বা)ৰ সন্দেহজনক এটা দলে অপহৰণ কৰিছিল।