NORTHEAST NOW (Assamese)
অসম

আঢ়ৈটা বছৰত হোৱা ‘উন্নয়ন’ৰ বাবেই ৰাইজে ‘বিজেপি’ৰ পক্ষে মতদান কৰিব : কুইন ওজা

Posted by: মিণ্টু দাস November 22, 2018 8:18 am
Queen Ojha

‘বৰাক-বহ্মপুত্র, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সেঁ‌তু গঢ়ি শক্তিশালী অসম গঢ়াৰ সপোন আছে মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ। সেই সপোন বাস্তৱায়িত কৰিবৰ বাবে সবানন্দ সোণোৱালে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যাৰ বাবে সম্প্ৰতি বৰাকবাসীৰ মনৰ পৰিৰ্বতন হৈছে।’ এই মন্তব্য বিজেপি নেত্ৰী কুইন ওজাৰ।

আজি নগাঁও জিলাৰ পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত দেওধৰ গাঁও পঞ্চায়তৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি কুইন ওজাই কয় – ‘বিজেপি দলে ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশৰ হকে কাম কৰি আহিছে। যাৰ বাবেই আজি সকলো জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ লোক বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে’।

‘বিজেপি দলে পঞ্চায়ত নিৰ্বাচনত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সময় বিকাশ আৰু উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আঢ়ৈটা বছৰে কৰা কাম-কাজৰ বাবেই ৰাইজে বিজেপিৰ পক্ষে মতদান কৰিব’। এইদৰে কয় বিজেপি নেত্ৰী কুইন ওজাই।

ইফালে বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অসম গণ পৰিষদ দলকো কঠোৰ সমালোচনা কৰা দেখা যায়। ওজাই কয়- ‘অগপ‌ই দহ বছৰীয়া শাসনকালত পঞ্চায়ত নিৰ্বাচন পাতিব পৰা নাছিল। এয়া দুৰ্ভাগ্যজনক কথা’।

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কঠোৰ সমালোচনা কৰি কুইন ওজাই কয় যে মহন্ত এই জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি অসমৰ মুখ্য মন্ত্ৰী হৈছিল। তেওঁ নগাঁও জিলাৰ লগতে অসমৰ উন্নয়ন সাধন কৰিব কৰা নাছিল।

কংগ্ৰেছ দলকো কঠোৰ সমালোচনা কৰি বিজেপি নেত্ৰীগৰাকীয়ে কয়- ‘কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাই আহিছে। কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত কেৱল লুণ্ঠনহে চলিছিল। ৰাইজৰ উন্নয়ন নহ’ল’।

ভাষণ প্ৰসংগত তেওঁ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ৰাজ্যজুৰি উৎসাজনক ফলাফল লাভ কৰিব বুলি মন্তব্য কৰে। বিজেপি পাখিমৰীয়া মণ্ডলৰ সভাপতি নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাখনত স্থানীয় বিজেপি নেতা জোনাৰাম কলিতা, উমা বৰা, মিনাৰাম বৰা, পাখিমৰীয়া জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী সংগীতা ভুঞা, দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী মৃদুল ফুকনকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

নেত্ৰী গৰাকীয়ে জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত কেবা ঠাইতো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। উল্লেখ্য যে, বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আজি স্থানীয় একাংশ লোকে বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে।