NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ অন্য এক প্ৰমাদ! মিজোৰামৰ নিৰ্বাচনী প্ৰম’ত মেঘালয়ৰ শিৰস্ত্ৰাণ পিন্ধা নৰেন্দ্ৰ মোদী

Posted by: নৰ্থ-ইষ্ট নাও নিউজ November 23, 2018 8:43 pm
Narendra-Modi-750x375

উত্তৰ-পূবক প্ৰধান মন্ত্ৰী মোদী আৰু তেওঁৰ দল বিজেপিয়ে অষ্টলক্ষ্মী, বৰ্ণিল সংস্কৃতিৰে ভৰা আদি আখ্যা দিলেও দলটো প্ৰকৃততে কিমান শ্ৰদ্ধাশীল এই অঞ্চলটোৰ জীৱন-সংস্কৃতিৰ প্ৰতি? কিমান আন্তৰিক আগ্ৰহ আছে এই অঞ্চলৰ মানুহ, সংস্কৃতি, ইতিহাস জনাৰ?

এই প্ৰশ্ন তুলিছে কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় মুৰব্বী জৰিতা লেইতফ্লাঙে। জৰিতাৰ প্ৰশ্নটোৰ নেপথ্যত আছে বিজেপিয়ে অলপতে নিৰ্বাচন হ’ব লগীয়া মিজোৰামত প্ৰচাৰ কৰা এটা নিৰ্বাচনী প্ৰম’। এই প্ৰম’টোত প্ৰধান মন্ত্ৰী মোদীক দেখা গৈছে এক বিশেষ শিৰস্ত্ৰাণৰ সৈতে।

সাধাৰণতে যি ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰত নামে তাতে মোদীয়ে থলুৱা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বস্ত্ৰ, শিৰস্ত্ৰাণ আদি পৰিধান কৰা দেখা যায়। সেই ঠাইৰ সংস্কৃতিৰ অ-আ-ক-খ বা দুই এটা থলুৱা সম্বোধন আদি দাঙি ধৰাটো মোদীৰ এটা বৈশিষ্ট্য।

তাৰে প্ৰতিফলন ঘটাই মিজোৰামত বিজেপিৰ নিৰ্বাচনী প্ৰম’ত বিশেষ এটা শিৰস্ত্ৰাণৰ সৈতে মোদীৰ ছবি দিয়া হৈছে। কিন্তু প্ৰমাদটো হ’ল, এই শিৰস্ত্ৰাণটো মিজোসকলৰ নহয়। মেঘালয়ৰ গাৰোসকলৰহে। এইটো মোদীৰ পূৰ্বে মেঘালয় ভ্ৰমণৰ সময়ত তোলা ছবি বুলি সন্দেহ কৰা হৈছে।

শিৰস্ত্ৰাণটো পিন্ধি থকা মোদীৰ এটা ইমেইজৰ সৈতে জৰিতাই তেওঁৰ টুইটাৰত এই প্ৰমাদ আঙুলিয়াই দি উত্তৰ-পূবৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ মৌলিকতা চিনাত বিজেপি পুতৌজনকভাৱে ব্যৰ্থ বুলি কয়। “মিজোৰামৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মোদীক ফইলা (খাচিসকলৰ) আৰু কতিপ (গাৰোসকলৰ) শিৰস্ত্ৰাণৰ সৈতে দেখুওৱাটো হাস্যকৰ।” জৰিতাই কয়।

উল্লেখযোগ্য যে জৰিতা কংগ্ৰেছ দলৰ প্ৰচাৰ বিভাগৰ মুৰব্বী হোৱাৰ উপৰি মিজোৰামত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্বতো আছে।

ইফালে তেওঁ বিজেপিৰ তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় মুৰব্বী অমিত মালব্যকো কটাক্ষ কৰে। “অমিত মালব্য আৰু তেওঁৰ কোম্পানীটোৱে মেঘালয় আৰু মিজোৰামৰ মৌলিক সংস্কৃতিৰ প্ৰভেদ বুজিব নোৱাৰে।” জৰিতাই কয়।

“নৰ্থ-ইষ্ট এখন ৰাজ্য নহয়, নিজা আৰু মৌলিক সংস্কৃতি থকা আঠখন সুন্দৰ ৰাজ্যৰে উত্তৰ-পূব গঠিত।” টুইটটোত কোৱা হৈছে।

আনহাতে আন আন ছ’চিয়েল মিডিয়া য়ুজাৰেও এই প্ৰমাদক লৈ সমালোচনা আৰু ব্যংগ কৰা দেখা গৈছে। সততে উত্তৰ-পূবক অষ্টলক্ষ্মী, ভাৰতৰ ইঞ্জিন আদিৰে আখ্যা দিয়া মোদী আৰু তেওঁৰ দল বিজেপিৰ এই কাণ্ডই তেওঁলোকৰ আন্তৰিকতাহীনতাকে প্ৰতিফলন কৰে বুলি অভিহিত কৰিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।

আমোদজনকভাৱে মোদীয়ে আজি মিজোৰামৰ এখন নিৰ্বাচনী সভাত কয় যে নৰ্থ-ইষ্টৰ মানুহে তেওঁক থলুৱা সাজ উপহাৰ দিয়ে, যিবোৰক কংগ্ৰেছৰ নেতাসকলে আচহুৱা বুলি কয়। “নৰ্থ-ইষ্টৰ মানুহে মোক বিভিন্ন ঠাইত পৰম্পৰাগত সাজ উপহাৰ দিয়ে, যিবোৰক কংগ্ৰেছৰ নেতাসকলে আচহুৱা কিবা বুলি কয়।” মোদীয়ে ভাষণত কৈছিল।