NORTHEAST NOW (Assamese)
দেশ

দলিত যুৱকক প্ৰহাৰ, শৰীৰত প্ৰস্ৰাৱ আৰু যৌন নিৰ্যাতনৰ অভিযোগ : ভয়ংকৰ ঘটনা ৰাজস্থানত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2025 7:28 pm

বিয়াৰ শোভাযাত্ৰা চাবলৈ ওলাই গৈছিল এজন ১৯ বছৰীয়া দলিত যুৱক। লগে লগে দুজন যুৱকে তেওঁক স্থানীয় বাছ ষ্টেণ্ডলৈ মাতি নিয়ে। প্ৰথমে কোনো কাৰণ নোহোৱাকৈ দলিত যুৱকজনক তীব্ৰ প্ৰহাৰ কৰে দুয়োজনে। তাৰ পিছত তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰাৰো অভিযোগ উঠিছে। ১৯ বছৰীয়া দলিত যুৱকজন যৌন নিৰ্যাতনো চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।

এই নৃশংস ঘটনা ৮ এপ্ৰিলত সংঘটিত হৈছিল ৰাজস্থানৰ ছিকাৰৰ ফতেহপুৰ অঞ্চলত।

এই ঘটনাত স্তম্ভিত হৈ পৰে দলিত যুৱকজন। ঘটনাৰ প্ৰায় এসপ্তাহৰ পিছত ১৬ এপ্ৰিলত ভুক্তভোগী পৰিয়ালে এফআইআৰ দাখিল কৰিছিল।

অভিযোগত উল্লেখ আছে যে দুয়োজন যুৱকে তেওঁক আক্ৰমণ কৰিছিল, কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু তেওঁৰ ওপৰত অস্বাভাৱিক যৌন কাৰ্য্য সংঘটিত কৰিছিল।

অভিযুক্তই মদ্যপান কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। অভিযোগ অনুসৰি ভুক্তভোগীক মদৰ বটলেৰে আঘাত কৰা হৈছিল। যুৱকজনৰ শৰীৰত প্ৰস্ৰাৱ কৰি বৰ্ণবাদী গালি-গালাজ কৰিছিল।

ভুক্তভোগীয়ে অভিযোগ কৰে যে অভিযুক্তই তেওঁলোকৰ এই কাৰ্যৰ ভিডিঅ ৰেকৰ্ডিং কৰি কাৰোবাক এই বিষয়ে কলে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ ভাবুকি দিছিল।

আৰক্ষীয়ে জনোৱা মতে, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ৰাজস্থানৰ বিৰোধী দলপতি তথা দলিত নেতা টিকা ৰাম জুলিয়ে কয় যে এই ঘটনাই ৰাজ্যখনৰ “প্ৰকৃত আইন-শৃংখলাৰ পৰিস্থিতি”ক স্পষ্ট কৰি তুলিছে। তেওঁ কয়, এয়া আজিৰ ৰাজস্থানৰ বাস্তৱ। এয়া লজ্জাজনক বাস্তৱ।”

প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাক গৰিহণা দিয়ে। তেওঁ কয় যে আঘাত ইমানেই ভয়াৱহ আছিল যে যুৱকজনে আঠ দিন ধৰি এজাহাৰ দাখিল কৰিবলৈ যাব পৰা নাছিল।

উপ-আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰে কয় যে, “এই ঘটনাত আমি এফআইআৰ পঞ্জীয়ন কৰিছো। ভুক্তভোগীৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰি তেওঁৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে। বিষয়টোৰ তদন্ত চলি আছে।”