NORTHEAST NOW (Assamese)
অসম

 জাগুনত ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু : ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত ৰাইজৰ 

Posted by: মানস প্ৰতিম গগৈ November 23, 2018 9:57 pm
IMG-20181123-WA0028

আজি ২৩ নৱেম্বৰৰ সন্ধ্যা তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। উত্তেজিত শতাধিক ৰাইজে জাগুনৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে জাগুনৰ পৰা মাৰ্ঘেৰিটা দিশে আহি থকা এএছ২৩ এছ৬০৮৩ আৰু এআৰ ১১-৮০৬২ নম্বৰৰ মটৰ চাইকেল  দুখনত অহা চাৰিজনকৈ বাইক আৰোহীক জাগুনৰ ছয় মাইলৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰে মহতীয়াই নিয়ে। ফলত  ঘটনাস্থলীতে নিহত হয় কমল উপাধ্যায় (৩৫)।  ডাম্পাৰখনৰ খুন্দাত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ পাঁচ মাইল অঞ্চলৰ বাসিন্দা কমল উপাধ্যায়ৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে।

দুৰ্ঘটনাটোত আহত তিনিগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে এই দুৰ্ঘটনাৰ পাছতেই উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ জব্দৰ দাবীত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলা উত্তেজিত জনতাই নিহত কমল উপাধ্যায়ৰ মৃতদেহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীক বাধা প্ৰদান কৰে। বাতৰি লেখা সময়লৈকে মৃতদেহ উঠাই নিবলৈ দিয়া নাই আৰু এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা নাই।