NORTHEAST NOW (Assamese)
অসম

অগপৰ কেন্দ্ৰীয় মুখপাত্ৰ মনোজ বৰাসহ পাঁচ শতাধিক কৰ্মীৰ বিজেপিত যোগদান

Posted by: মিটু খাটনিয়াৰ November 27, 2018 5:46 pm
WhatsApp Image 2018-11-27 at 3.52.27 PM

 

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই মাজুলীত অগপৰ ভেটিত ভূমিকম্পৰ কঁপনি উঠিছে। আজি মাজুলীৰ গড়মুৰত অনুষ্ঠিত হোৱা বিজেপিৰ এখন কৰ্মীসভাত অগপৰ কেন্দ্ৰীয় মুখপাত্ৰ মনোজ বৰাই অগপৰ পাঁচ শতাধিক কৰ্মীৰ সৈতে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

মনোজ বৰাৰ বিজেপি দলত যোগদানে মাজুলীৰ অগপত ভেটি কঁপাই তুলিছে। বিশ বছৰ কাল ধৰি অগপ দলৰ বিভিন্ন দায়িত্বত থকা মনোজ বৰাৰ যোগদানে মাজুলীৰ বিজেপি কৰ্মীসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাৰ বাবে অধিক উৎসাহিত কৰি তুলিছে।

আজিৰ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখপাত্ৰ ৰূপম গোস্বামী, মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিকে ধৰি বহুকেইজন দলীয় নেতা উপস্থিত থাকে।