NORTHEAST NOW (Assamese)
অসম

দুদিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লি গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

Posted by: এন ই নাও নিউজ November 28, 2018 10:41 am
ram-nath-kovind-2-2-678x381

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । বৃহস্পতিবাৰে বায়ুসেনাৰ এক বিশেষ কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি গৰাকীয়ে বিশেষ বিমানেৰে বিয়লি প্ৰায় ৩.২৫ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব।

ৰাষ্ট্ৰপতিজনক বিমানবন্দৰত আদৰণি জনাবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখীৰ লগতে ৰাজ্য প্ৰশাসন, আৰক্ষী আৰু সেনাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব।

বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি গৰাকীয়ে পোনে পোনে ৰাজভৱনলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বৰঝাৰত বায়ুসেনা বাহিনীয়ে বিভিন্ন কাৰ্যকলাপৰ লগতে ১১৮খন হেলিকপ্টাৰৰ এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় বায়ুসেনা বাহিনী।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দুদিনীয়া ভ্ৰমণসূচীৰ সময়ত যাতে নিৰাপত্তাৰ দিশটোত কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। মহানগৰৰ বিভিন্ন স্থানত ন’ পাৰ্কিং ঘোষণা কৰাৰ লগতে দুদিনৰ বাবে ৩২ আৰু ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছে।