NORTHEAST NOW (Assamese)
অসম

ৰঞ্জি ট্ৰফী : আজিৰ পৰা বৰ্ষাপাৰাত অসম-হাৰিয়ানাৰ মেচ

Posted by: এন ই নাও নিউজ November 28, 2018 12:22 pm
Guwahati- Ranji trophy cricket (2)

ৰঞ্জি ট্ৰফীৰ চলিত ছিজনত সন্তোষজনক আৰম্ভণি কৰিও ঘৰৰ মাটিত খেলা প্ৰথমখন মেচত উৰিষ্যাৰ বিপক্ষে মুখ থেকেচা খোৱা অসমে আজি শক্তিশালী হাৰিয়ানাৰ বিৰুদ্ধে নিজৰ চতুৰ্থখন মেচত অৱতীৰ্ণ হৈছে।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হোৱা মেচখনত হাৰিয়ানা দলে টছত জয়ী হৈ অসমক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

নিজৰ প্ৰথম ইনিংছ মুকলি কৰিবলৈ আহি অপেনাৰদ্বয় ঋষভ দাস আৰু পাৰভেজ আজিজে সুন্দৰ আৰম্ভণি কৰে যদিও ঋষভ দাসৰ ৰূপত ঘৰুৱা দল অসমে প্ৰথমটো উইকেট হেৰুৱায়। ঋষভে ব্যক্তিগত ২৫ ৰান কৰি পেভেলিয়নলৈ উভটি যায়।

এই পৰ্যন্ত অসম দলে এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮২ ৰান। আনহাতে হাৰিয়ানাৰ হৈ একমাত্ৰ উইকেটটো দখল কৰে অধিনায়ক হাৰ্ষাল পেটেলে।

ভাৰতীয় জাতীয় দলৰ হৈ খেলা একাধিক খেলুৱৈৰে গঠিত শক্তিশালী হাৰিয়ানাৰ বিৰুদ্ধে যথেষ্ট আত্মবিশ্বাসেৰে অৱতীৰ্ণ হৈছে অসম। আনহাতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অসমৰ অভিজ্ঞ খেলুৱৈ গকুল শৰ্মাৰ অন্তৰ্ভুক্তিয়ে অসম দলত ইতিবাচক প্ৰভাৱ পেলাব বুলিও মেনেজমেণ্টে প্ৰকাশ কৰে।

উল্লেখ্য যে অসমে এই পৰ্যন্ত খেলা তিনিখন মেচৰ পৰা মুঠ ৭ পইণ্ট সংগ্ৰহ কৰি ‘চি’ গ্ৰুপৰ পইণ্ট তালিকাত ষষ্ঠ স্থানত আছে। ইয়াৰ পূৰ্বৰ মেচকেইখনত অসমে ঝাৰখণ্ডৰ বিৰুদ্ধে ড্ৰ খেলি এক পইণ্ট, ত্ৰিপুৰাক পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট সংগ্ৰহ কৰাৰ লগতে ঘৰৰ মাটিত ওড়িশাৰ বিৰুদ্ধে পৰাস্ত হৈছিল।

ইফালে পূৰ্বৰ তিনিখন মেচৰ পৰা ৯ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে হাৰিয়ানা।