NORTHEAST NOW (Assamese)
অসম

নগাঁৱত নিৰ্বাচন কেন্দ্ৰিক সংঘাত : এ আই য়ু ডি এফ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কংগ্ৰেছৰ সদস্য

Posted by: মিণ্টু দাস November 28, 2018 2:00 pm
a6483633-4e34-437c-90ec-c2d237c5e87e

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী কেন্দ্ৰিক সংঘাত। মঙলবাৰে নিশা তেনে এক ঘটনা সংঘটিত হয় নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ছোট ৰূপহীত। এ আই য়ু ডি এফ দলৰ কেইজনমান উদণ্ড কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় কংগ্ৰেছ দলৰ কেইজনমান সদস্য।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে কংগ্ৰেছ দলৰ সদস্য কেইজনে নিশা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই আহি থকা অৱস্থাত এ আই য়ু ডি এফ দলৰ কৰ্মীয়ে গাড়ী ৰখাই অচম্বিতে তেওঁলোকক আক্ৰমণ কৰে। আনকি মহম্মদ নজৰুল ইছলাম নামৰ এজন যুৱকক গাড়ীৰ ভিতৰৰ পৰা উলিয়াই আনি নিৰ্মমভাৱে প্ৰহাৰ কৰে এ আই য়ু ডি এফৰ কৰ্মীয়ে।

এই ঘটনাত আন তিনিজন কংগ্ৰেছ কৰ্মীও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়। কিন্তু নজৰুল ইছলামক বেয়াকৈ মাৰধৰ কৰাত গুৰুতৰভাৱে আহত হয় আৰু তেওঁক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। ইফালে উক্ত আক্ৰমণত কংগ্ৰেছ কৰ্মীয়ে ব্যৱহাৰ কৰা গাড়ীখনোৰো ক্ষতি সাধন হোৱা বুলি জানিব পৰা যায়।

আনহাতে, আহত কংগ্ৰেছ কৰ্মীজনৰ পৰা টকাৰ লগতে মোবাইল ফোনো কাঢ়ি লৈ যোৱা বুলি এ আই য়ু ডি এফ কৰ্মী কেইজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

ইফালে ঘটনা সৰ্ন্দভত কংগ্ৰেছ কৰ্মীয়ে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত ছজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।