NORTHEAST NOW (Assamese)
অৰুণাচল

প্ৰথমবাৰৰ বাবে গোৱালপাৰাত ৰঞ্জি মেচ; দৰ্শকৰ পাৰ ভঙা উছাহ

Posted by: এন ই নাও নিউজ November 29, 2018 11:30 am
Goalpara- Arunachal Ranji team practice (3)

ভাৰতৰ ক্ৰিকেট ইতিহাসত নতুনকৈ সংযোজিত হ’ল গোৱালপাৰা। কিয়নো বুধবাৰৰ পৰা চহৰখনৰ ডি এন সিংহ ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ আটাইতকৈ সন্মানীয় ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফীৰ মেচ।

২৮ নৱেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা অৰুণাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মাজত অনুষ্ঠিত হোৱা চাৰিদিনীয়া মেচখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই।

ইফালে প্ৰথমবাৰৰ বাবে চহৰখনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ ক্ৰিকেট মেচখন উপভোগ কৰিবলৈ কালি ডি এন সিংহ ষ্টেডিয়ামত বহু দৰ্শকে ভিৰ কৰা দেখা পোৱা যায়।

মেচখনত অৰুণাচলে প্ৰথমে বেটিং কৰি ১০৫ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে। দলটোৰ হৈ ক্ষীতিশ শৰ্মাই সৰ্বাধিক ৫৭ ৰানৰ বৰঙণি আগবঢ়ায়।

আনহাতে উত্তৰাখণ্ডৰ হৈ মায়ংক মিশ্ৰই দুৰ্দান্ত বলিঙেৰে চাৰিটা আৰু চননী ৰাণাই তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত উত্তৰাখণ্ডে দিনান্তৰ অন্তলৈকে তিনি উইকেটৰ বিনিময়ত ১৭৬ ৰান সংগ্ৰহ কৰি শক্তিশালী স্থিতিত উপনীত হয়। কাৰ্তিক যোশীয়ে ৯৯ আৰু সৌৰভ ৰাৱটে ৪ ৰানত বেটিং কৰি আছে।

উল্লেখ্য যে বি চি চি আয়ে গোৱালপাৰা ক্ৰীড়া সন্থাক চলিত বৰ্ষৰ বাবে তিনিখন গুৰুত্বপূৰ্ণ ৰঞ্জি মেচ আয়োজনৰ দায়িত্ব প্ৰদান কৰিছে। ইফালে মেচকেইখনৰ বাবে জিলা ক্ৰীড়া সন্থাই ষ্টেডিয়ামৰ দুয়োটা পেভিলিয়ন ন ৰূপত সজাই-পৰাই তোলা পৰিলক্ষিত হয়।