NORTHEAST NOW (Assamese)
অসম

মিছদ কলেৰে সদস্য বনোৱা দল ‘মিছিং’ হৈ যাব নেকি অসমত?

Posted by: অনিৰ্বাণ পাঠক November 29, 2018 8:31 pm

মিচদ কলেৰে সদস্য ভৰ্তি কৰা বিজেপি দল অসমত “মিচিং” হৈ যাব নেকি?

জাতি-মাটি-ভেটি ৰক্ষাৰ ঢৌৰে শাসনলৈ আহি মাত্ৰ ডেৰ বছৰতে ব্যাপক জনৰোষৰ সন্মুখীন হোৱা বিজেপিৰ ভৱিষ্যত সন্দৰ্ভত এই সম্ভাৱনাই ব্যক্ত কৰিছে মিত্ৰ অগপৰ প্ৰবীন নেতা পবীন্দ্ৰ ডেকাই।

অসমত তৃণমূল পৰ্য্যায়ত বিজেপিৰ কোনো ভেটি নাই বুলি দাবী কৰি দলটোৰ সদস্য সংখ্যা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে পাটাছাৰকুছিৰ বিধায়কজনে।

‘‘মিচদ কল দি সদস্য হোৱা দল এটাৰনো কি ভেটি থাকিব পাৰে! দলটোৰ নীতি-আদৰ্শ কিবা জানে নে নাজানে ঠিক নাই, মিচদ কল এটা দিছে আৰু সদস্য ভৰ্তি হৈ গৈছে,” ডেকাৰ মন্তব্য।

এটা বিশেষ ফ’ন নম্বৰত মিচদ কল দিয়েই সদস্য কৰাৰ এক নীতি দেশজুৰি প্ৰৱৰ্তন কৰিছিল বিজেপিয়ে। এই অভিযানৰ পিছতে দলটোৰ সদস্য সংখ্যাই ৮.৬ কোটি সদস্য থকা চীনৰ কমিউনিষ্ট দলক অতিক্ৰম কৰি যোৱা বুলি ২০১৫ চনতে দাবী কৰিছিল বিজেপিয়ে।

তৃণমূলত ভেটি নোহোৱাৰ বাবেই মিত্ৰ অগপক লৈয়ে পঞ্চায়ত নিৰ্বাচনত “বিতত” হৈছে বিজেপি, দাবী ডেকাৰ। তেওঁ কয়, ‘‘পঞ্চায়তত পৰাজয়ৰ ভয়ত এতিয়া বিতত হৈছে বিজেপি। সেয়ে বিজেপিৰ প্ৰভাৱশালী নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসম গণ পৰিষদক।’’

অগপৰ আমবাৰীৰ কাৰ্য্যালয় ‘‘বিবাহ ভৱন’’ হ’বগৈ বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিৰ্বাচনী সভাত অগপক কটাক্ষ কৰিবলগীয়া হোৱাটোৱে ডেকাৰ দাবীকে প্ৰতিপন্ন কৰিছে নেকি?