ৰোড শ্ব’ত অংশ ল’বলৈ মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কৰিব ছিংগাপুৰ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল পোন প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিব বিদেশলৈ। মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ ৰাওনা হ’ব। ছিংগাপুৰত উপস্থিত হৈ মুখ্য মন্ত্ৰীজনে ৭ জানুৱাৰী তাৰিখে অংশ ল’ব গ্ল’বেল ইনভেষ্টৰ ছামিট ৰোড শ্ব’ত।
উল্লেখ্য যে মুখ্য মন্ত্ৰী সোণোৱালে আজি ৰাতিপুৱা ১১ বজাত কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচী সমাপন কৰিয়েই মুখ্য মন্ত্ৰীয়ে পোনে পোনে দিল্লীলৈ ৰাওনা হ’ব আৰু দিল্লীৰ পৰাই ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ যাব।
উল্লেখযোগ্য যে অসম চৰকাৰে অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখে দুদিনীয়াকৈ দেশী-বিদেশী বিনিয়োগকাৰীক লৈ এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত কৰিবলৈ ওলাইছে। উক্ত অনুষ্ঠানলৈ যিমান পাৰি অধিক বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ মন্ত্ৰী-আমোলা ব্যস্ত আছে অসমক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ সুবিধাজনক ক্ষেত্ৰ হিচাপে দাঙি ধৰাৰ চেষ্টাত। এই প্ৰচেষ্টাৰ অংশস্বৰূপেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছিংগাপুৰ ভ্ৰমণলৈ ৰাওনা হ’ব।