NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাই সমবায় সমিতিৰ সাধাৰণ সভা; কৃষ্ণাইৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

Posted by: নীলমণি শৰ্মা September 16, 2018 4:57 pm
Krishnai

গোৱালপাৰা জিলাৰ কৃষ্ণাই সমবায় সমিতিৰ লিমিটেডৰ এখন সাধাৰণ সভা দেওবাৰে দিনৰ ১১ বজাত মানিকপুৰ-ভেলাখামাৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায়।

কৃষ্ণাই সমবায় সমিতি লিমিটেডৰ সভাপতি জয়ন্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত কৃষ্ণাই সমবায় সমিতিৰ অন্তৰ্গত ৫ খন গাঁও পঞ্চায়তৰ ৮ খন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতকাৰ্য লাভ কৰা মুঠ ৩২ ছাত্ৰ-ছাত্ৰীৰ লগতে ৮ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলক সম্বৰ্ধনা জনোৱা হয় ৷

স্থানীয় শিক্ষক আব্দুল হাই আহমেদে আঁত ধৰা অনুষ্ঠানটোত সমবায় সমিতিৰ সচিব ছায়েদ হুছেইনৰ লগতে জিলা অসামৰিক খাদ্য আৰু জিলা সমবায় সমিতি সমূহৰ সহকৰী পঞ্জীয়ন কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক এজাজ হুছেইন উপস্থিত থাকে ৷