NORTHEAST NOW (Assamese)
অসম

অনিল ৰাজাৰ গালৈ চিয়াহী ছটিওৱা তিনিজনক আটক পাণবজাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ September 16, 2018 5:04 pm
AnilRaja

১৫ ছেপ্তেম্বৰত আদালতত উপস্থিত থকাৰ সময়ত কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গালৈ চিয়াহী ছটিওৱাৰ অপৰাধত আজি পাণবজাৰ আৰক্ষীয়ে তিনিজনক আটক কৰিছে।

আটক কৰাকেইজনৰ নাম হ’ল ৰাকিদ হুছেইন, আব্দুল জমছেৰ খান, ৰামা খান। এওঁলোকক ভৰলু আৰু লাখটকীয়াৰ পৰা আটক কৰা বুলি পাণ বজাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজত দীৰ্ঘদিন ধৰি ব্যক্তিগত পৰ্য্যায়ত বিবাদ চলি আহিছে। দুয়ো অভিযোগ-প্ৰতি অভিযোগেৰে সংবাদমেল দিয়াৰ প্ৰতিযোগিতাত লিপ্ত হোৱা দেখা গৈছিল। মিছা অভিযোগ অনা আৰু ভাবমূৰ্তি নষ্ট কৰা বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুলে অনিল ৰাজাৰ বিৰুদ্ধে আদালতত মানহানিৰ গোচৰ দিছিল।

উক্ত গোচৰৰ বাবে কালি, অৰ্থাৎ ১৫ ছেপ্তেম্বৰত অনিল ৰাজা আদালতত উপস্থিত হৈছিল। কিন্তু আদালতৰ পৰা নেতাজন ওলাই অহাৰ সময়তে ৰকিবুল হুছেইনৰ সমৰ্থকে অনিল ৰাজা মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে তেওঁৰ গালৈ চিয়াহী ছটিয়াইছিল।

এই সন্দৰ্ভত অনিল ৰাজাই পাণবজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে। উক্ত গোচৰৰ (গোচৰ নং ৫৯৬/১৮) ভিত্তিতে আজি আৰক্ষীয়ে তিনিজনক আটক কৰে। তদন্ত অব্যাহত ৰখা বুলি পাণবজাৰ আৰক্ষীয়ে জানিবলৈ দিছে।