NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ইৰানী গ্ৰুপৰ সদস্য গ্ৰেপ্তাৰ : নিচাযুক্ত টেবলেট, বান্দৰ কেকোঁৱা উদ্ধাৰ

Posted by: এন ই নাও নিউজ December 3, 2018 2:38 pm
WhatsApp Image 2018-12-03 at 1.21.05 PM

আজি ৩ ডিচেম্বৰ সোমবাৰে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত এজন ইৰানী গ্ৰুপৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰে’লৱে আৰক্ষীয়ে। ধৃত লোকজনক বিহাৰৰ কিষাণগঞ্জ জিলাৰ কিষাণগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কালীবাৰী ৰে’লৱে কলনিৰ বাসিন্দা দীনেশ শ্বাহ (২৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ দেউতাকৰ নাম প্ৰয়াত বুলু শ্বাহ।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা ৩০টা (২টা ষ্ট্ৰীপ) নাইট্ৰজেপাম (Nitrazepam) টেবলেট, ৪টা ডুলো ফেনা (Dulo Fenae) টেবলেট আৰু সৰু পেকেটেৰে ৫ পেকেট বান্দৰ কেকোঁৱা উদ্ধাৰ হৈছে।

সন্দেহ কৰা হৈছে যে এই লোকজনে এই নিচাযুক্ত ঔষধখিনি ৰে’লযাত্ৰীসকলক নিচাগ্ৰস্ত কৰি লুটপাত কৰা আন আন অপকৰ্ম কৰাৰ বাবে ৰাখিছিল। এই সম্পৰ্কত ধাৰা ৩২০/৩৮০ৰ অধীনত গুৱাহাটীৰ চৰকাৰী ৰে’লৱে আৰক্ষী থানাত এটা গোচৰ (৩২৮/১৮) পঞ্জীয়ন কৰা হৈছে আৰু এই সন্দৰ্ভত এটা বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। আজি ধৃত লোকজনক আদালতত হাজিৰ কৰোৱা হ’ব।