NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ প্ৰতিভাৱান শ্বাটলাৰ ‘অস্মিতা’ই জিনিলে টাটা অ’পেন টুৰ্ণামেণ্টৰ খিতাপ

Posted by: এন ই নাও নিউজ December 3, 2018 3:33 pm
Ashmita Chaliha

অসমৰ ১৯ বছৰীয়া প্রতিভাৱান বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি টাটা অ’পেন আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে।

দেওবাৰে অনুষ্ঠিত হোৱা মহিলাৰ ছিংগলছৰ ফাইনেলত অস্মিতাই ভাৰতৰে ভ্ৰুশালি গুম্মাদিক ২১-১৬ আৰু ২১-১৩ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। মুম্বাইৰ এন এ এছ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ছেমিত অস্মিতাই থাইলেণ্ডৰ জুছেৰনক পৰাস্ত কৰিছিল।

ইফালে খিতাপ জয় কৰাৰ পাছত অস্মিতাই সংবাদ মাধ্যমৰ আগত কয়, ‘টাটা অ’পেনত প্ৰথমবাৰৰ বাবে মই অংশ লৈছো আৰু প্ৰথমবাৰে খিতাপ জয়ী হোৱাত মই যথেষ্ট আনন্দিত। বিশেষকৈ ভ্ৰুশালি গুম্মাদিৰ বিৰুদ্ধে জয়ী হোৱাত মোৰ আনন্দ দুগুণে বৃদ্ধি পাইছে। কিয়নো ইয়াৰ পূৰ্বে মই তেওঁৰ বিৰুদ্ধে এবাৰো জয়ী হ’ব পৰা নাছিলো। একেৰাহে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় খিতাপ জয়ী হ’লো যদিও এতিয়া মোৰ লক্ষ্য ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহত আৰু অধিক ভাল খেলা’।

উল্লেখ্য যে চলিত বছৰৰ অস্মিতাৰ এয়া দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় খিতাপ। ইয়াৰ পূৰ্বে প্ৰতিভাৱান শ্বাটলাৰগৰাকীয়ে নৱেম্বৰত অনুষ্ঠিত হোৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ প্ৰতিযোগিতাতো মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছিল।