NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ মহিলাৰ বাবে লোৱা আঁচনিবোৰলৈ সমৰ্থন আগ বঢ়াব ৰাষ্ট্ৰীয় মহিলা আয়োগে

Posted by: ৰাজীৱ ৰয় Updated by: ৰাজীৱ ৰয় December 3, 2018 9:57 pm

উত্তৰ-পূবৰ মহিলাসকলৰ শিক্ষা আৰু জীৱিকাৰ বাবে থকা বিভিন্ন আঁচনিৰ প্ৰতি সমৰ্থন আগ বঢ়াবলৈ সন্মত হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ। বিশেষকৈ কম বয়সীয়া মহিলাসকলৰ শিক্ষা, দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে থকা আঁচনিবোৰৰ প্ৰতি।

আজি নতুন দিল্লীত ডনাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নৱ নিৰ্বাচিত সদস্য ছ’ছো শ্বাইজাৰ মাজত অনুষ্ঠিত এখন বৈঠকৰ পিছতে এই সিদ্ধান্তৰ কথা অৱগত কৰে।

“প্ৰান্তৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত বাস কৰা মহিলাৰ শিক্ষাৰ মান উন্নত কৰা আৰু তেওঁলোকক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ থল আছে, যাতে তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে।” এজন বিষয়াই কয়।

ডনাৰ মন্ত্ৰ্যালয়ে কয় যে মন্ত্ৰ্যালয়টোৱে মহিলাৰ বাবে ইতিপূৰ্বে অঞ্চলটোৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ আগ বঢ়াই নিব পৰাকৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে সমল আৰু সমৰ্থন আগ বঢ়াব।

আনহাতে ডনাৰ মন্ত্ৰ্যালয়ে জনায় যে ই বেংগালুৰু বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত উত্তৰ-পূবৰ ছাত্ৰীৰ বাবে এটা সম্পূৰ্ণ আছুতীয়া হোষ্টেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। হোষ্টেলটো নৰ্থ-ইষ্টাৰ্ন কাউন্সিল আৰু ডনাৰ মন্ত্ৰ্যালয়ৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো এনে হোষ্টেল নিৰ্মাণ কৰা হ’ব, য’ত উত্তৰ-পূবৰ ২০০ ছাত্ৰী থাকিব পাৰিব।