NORTHEAST NOW (Assamese)
অসম

জাতিৰ স্বাৰ্থত নোৱাৰিলে, ভোটৰ স্বাৰ্থত বিজেপিয়ে মুখ বন্ধ কৰিলে শিলাদিত্য আৰু ৰাজেন গোহাঁইৰ

Posted by: দুৰ্লভ গগৈ Updated by: দুৰ্লভ গগৈ December 4, 2018 10:51 pm
Rajen-Gohian_Shiladitya

সততে বিতৰ্কিত আৰু অসমীয়া-বিৰোধী, থলুৱা বিৰোধী মন্তব্য দি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেব আৰু ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ছাউণ্ড আৰু পিকচাৰ দুয়োটাই হঠাতে নোহোৱা হ’ল।

অসমৰ ৰাইজে নিশ্চয় কথাটো মন কৰিছে যে যোৱা ৫ নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰাৰ পিছৰে পৰা বিধায়ক শিলাদিত্যৰ সুৰ ক্ৰমে সৰু হৈ আহি একেবাৰে নোহোৱা হৈ গ’ল। একেই কথা ক’ব পাৰি ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ক্ষেত্ৰতো। দুয়োজনৰ চেহেৰা পৰ্য্যন্ত অসমৰ মানুহে দেখিবলৈ নোপোৱা হ’ল যোৱা ভালেদিন ধৰি। দলটোৱে আনকি কিছু কিছু ঠাইত গোহাঁইৰ ফটো পৰ্য্যন্ত আঁতৰাই পেলাইছে নিৰ্বাচনী পোষ্টাৰ-বেনাৰৰ পৰা।

অথচ সৌ সিদিনালৈকে দুয়োজন নেতাৰ প্ৰায় প্ৰতিটো কথাই আছিল অতি সাম্প্ৰদায়িক ঘৃণাৰে ভৰা। অসমীয়া আৰু বাঙালীৰ শেহতীয়া সংঘাতক দুয়োজন নেতাৰ মন্তব্যই নতুন নতুন মাত্ৰা দি গৈছিল নিতৌ।

কিন্তু তাৰ পিছতো বিজেপি দল আৰু চৰকাৰখনে দুয়োজন নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল। সময়ত চৰকাৰ আৰু দল যদি দুয়োজন নেতাৰ বিৰুদ্ধে কঠোৰ হ’ল হেঁতেন বহুকেইটা অপ্ৰীতিকৰ আৰু সংঘাতৰ ঘটনা এৰাই চলিব পৰা গ’ল হেঁতেন। আনকি আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰৰ দৰে পৰিস্থিতিও হয়তো উদ্ভৱ নহ’ল হেঁতেন।

ইয়াৰ বিপৰীতে নেতা দুজনৰ সাম্প্ৰদায়িক মন্তব্য আৰু অসমীয়া বিৰোধী স্থিতিয়ে চৰকাৰখন আৰু দলটোক পঞ্চায়ত নিৰ্বাচনত ক্ষতি কৰাৰ সম্ভাৱনা যেতিয়াই দেখা দিলে তেতিয়াই দুয়োজনক চুপ ৰখাৰ ব্যৱস্থা কৰিলে। ফলত নেতা দুজন কেৱল সংবাদ মাধ্যমৰ পৰা দূৰত থকাই নহয়, লোকালয়তো দেখাদেখি নাই। যেন হঠাতে নিৰুদ্দেশ হৈহে গ’ল।

কিন্তু প্ৰশ্ন উঠিছে, দলৰ স্বাৰ্থত দুয়োজনকে নিয়ন্ত্ৰণ কৰিব পৰা চৰকাৰ আৰু দলটোৱে অসম, অসমীয়াৰ স্বাৰ্থত কিয় পৰা নাছিল? তেওঁলোকক ইচ্ছা কৰিয়েই এই উচটনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্যবোৰ দিবলৈ খোলাহাত দিয়া হৈছিল নেকি?