NORTHEAST NOW (Assamese)
ক্ৰীড়া

ভাৰতে কিয় পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব লাগিব? উত্তৰ দিলে অনুৰাগ ঠাকুৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 12:51 pm

দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া এছিয়া কাপ ২০২৫ খেলখন সন্দৰ্ভত বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে কয় যে যদি দলটোৱে এই মেচত অংশগ্ৰহণ নকৰে তেন্তে দলটো প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হব।

শনিবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অনুৰাগ ঠাকুৰে কয় যে বহুজাতিক প্ৰতিযোগিতাত, যত এচিচি বা আইচিচিয়ে আয়োজন কৰে, যিকোনো দেশৰ বাবে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক বা প্ৰয়োজনীয় হৈ পৰে।

তেওঁ কয় যে যদি দলটোৱে অংশগ্ৰহণ নকৰে তেন্তে দলটোৱে প্ৰতিযোগিতাখনৰ বাহিৰত থাকিব আৰু এই মেচৰ পইণ্ট আনটো দললৈ যাব।

তেওঁ কয় যে আমি বহু বছৰ ধৰি এই সিদ্ধান্ত লৈ আহিছো যে পাকিস্তানে ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ নকৰালৈকে ভাৰতে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক প্ৰতিযোগিতা খেলিব নোৱাৰে।

ভাৰত আৰু পাকিস্তানৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হব।

এই মেচখনৰ বিৰোধিতা কৰিছে বিৰোধীয়ে। তেওঁলোকে কয় যে পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কেনেকৈ মেচ খেলিব?

এই মেচখনৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়তো পিআইএল দাখিল কৰা হয়, যিটো আদালতে তৎক্ষণাত তালিকাভুক্ত কৰিবলৈ অস্বীকাৰ কৰে।ইয়াৰ মাজতে এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট খেল বাতিল কৰাৰ দাবী উত্থাপন কৰা হৈছিল।