NORTHEAST NOW (Assamese)
Popular Stories

১৭ বছৰৰ অপেক্ষাৰ অন্ত; ২৫ ডিচেম্বৰত মুকলি হ’ব বহু প্ৰত্যাশিত বগীবিল দলং

Posted by: এন ই নাও নিউজ December 5, 2018 5:58 pm
bogibeel bridge

অৱশেষত বহু প্ৰত্যাশিত বগীবিল দলং উদ্বোধনৰ দিন ধাৰ্য কৰা হ’ল। অহা ২৫ ডিচেম্বৰত অৰ্থাৎ খ্ৰিষ্টমাচৰ দিনটোতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে দলংখন মুকলি কৰিব।

আজি ভাৰতীয় ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰে।

উল্লেখযোগ্য যে ১৯৯৭ চনতে দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী এইছ ডি দেৱেগৌড়ায়ে বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও ইয়াৰ ৫ বছৰৰ পিছত অৰ্থাৎ ২০০২ চনতহে ভূতপূৰ্ব প্ৰয়াত প্ৰধান মন্ত্ৰী অটলবিহাৰী বাজপায়ীয়ে দলংখনৰ নিৰ্মাণকাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

ইয়াৰ পিছতো দলংখন সম্পুৰ্ণ হৈ উঠাৰ মুখ দেখিবলৈ ৰাজ্যবাসীয়ে ১৭ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল।

যোৱা ২২ অক্টোবৰত ভাৰতৰ ভিতৰতেই দীৰ্ঘতম ৰেলপথ-স্থলপথ দলঙৰ ওপৰেদি পৰীক্ষামূলকভাৱে প্ৰথমখন পূৰ্ণাংগ ৰেল চলোৱা হৈছিল। ইয়াৰ পিছত যোৱা ২ আৰু ৩ ডিচেম্বৰত দলংখনৰ ওপৰৰে দুখনকৈ মালবাহী ট্ৰেইনৰ পৰীক্ষামূলক চলাচল কৰোৱা হৈছিল।

লগতে পঢ়ক নিউ তিনিচুকীয়াৰ পৰা বগীবিল দলঙৰ ওপৰেৰে পশ্চিম বংগৰ ফৰক্কালৈ মালভৰ্তি ট্ৰেইন।

৫৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৪.৯৪ কিঃমিঃ দৈৰ্ঘ্যৰ এই বৃহৎ দলখনে ডিব্ৰুগড় আৰু ধেমাজি জিলা দুখনক সংযোগ কৰিব।