NORTHEAST NOW (Assamese)
অসম

মাজবাট ৰে’লৱে ষ্টেশ্যনত এন ডি এফ বি (এছ)ৰ ২ কেডাৰ গ্ৰেপ্তাৰ

Posted by: ছাজিদ খান Updated by: ছাজিদ খান December 7, 2018 7:56 pm
NDFB-cadres-held-in-Udalguri-750x375

ওদালগুৰি জিলাৰ মাজবাট ৰে’লৱে ষ্টেশ্যনত বৃহস্পতিবাৰে আৱেলি নিৰাপত্তা বাহিনীৰ লোকে এন ডি এফ বি (এছ) গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে।

ধৃত উগ্ৰপন্থী গোটৰ সদস্য দুজনক ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ডইফাং খইৰাবাৰী গাঁৱৰ বাসিন্দা শ্বামখৌৰ দৈমাৰী ওৰফে ডি শ্বাগৌৰ (২৩) আৰু কোকৰাঝাৰ জিলাৰ ছেফ্ৰাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত শালগুৰী গাঁৱৰ বাসিন্দা জংছৌৰ মুছাহাৰী ওৰফে এম জ্বমৱি (১৮) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত সেনাৰ কব্ৰা কমাণ্ড’ৰ ১৪ নং গাঢ়ৱাল ৰেজিমেণ্ট আৰু মাজবাট ৰে’লৱে আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলাই কেডাৰ দুজনক ডেকাৰগাঁও-ৰঙীয়া যাত্ৰীবাহী ট্ৰেইনৰ ৪নং দবাৰ পৰা আটক কৰে।

ধৃত দুয়োগৰাকী কেডাৰে ম্যানমাৰত প্ৰক্ষিণপ্ৰাপ্ত বুলি নিৰাপত্তা বাহিনীৰ এক সূত্ৰই জানিবলৈ দিছে। সম্প্ৰতি ধৃত কেডাৰ দুজনৰ বিৰুদ্ধে মাজবাট আৰক্ষী থানাত ৬৬/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেৰা চলাই থকা হৈছে।