NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাত পতিতৰ আত্মীয়ৰ কাণ্ড : জীয়াই থকা বুলি মৃতদেহ মৰ্গৰ পৰা উলিয়াই ঘূৰালে দুই-তিনিখন হস্পিটেল

Posted by: এন ই নাও নিউজ December 7, 2018 10:55 pm

দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লোৱা এজন যুৱকৰ মৃতদেহ আত্মীয়ই জীয়াই থকা বুলি দাবী কৰি মৰ্গৰ পৰা উলিয়াই নি চিকিৎসাৰ বাবে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰাই ফুৰাৰ দৰে এটা হৃদয়বিদাৰক ঘটনা ঘটিলে গোসাঁই গাৱঁত।

জানিব পৰামতে, বঙাইগাৱঁৰ বীৰঝৰা মহাবিদ্যালয়ৰ ছাত্ৰ জন বৰ্মন কালি পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন ট্ৰেকটৰে খুন্দিওৱাৰ ফলত মৃত্যু হৈছিল। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক লগৰ ছাত্ৰকেইজনমানে তেওঁক বঙাইগাওঁস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁ চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তেতিয়া আবেলি প্ৰায় ৩.৩০ বাজিছিল।

কিন্তু মাক আৰু আত্মীয় আহি পাই মৰ্গত থকা মৃতদেহ স্পৰ্শ কৰি চাই শৰীৰত উত্তাপ থকা পায়। আনকি তেওঁলোকে মৃতদেহটোৱে লৰচৰ কৰা বুলিও দাবী কৰে। পৰিয়ালৰ লোক আৰু কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই লৈ চিকিৎসালয়খনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে চিকিৎসালয় কৰ্তৃপক্ষক চিকিৎসা কৰিবলৈ দাবী কৰে।

কিন্তু চিকিৎসকে তাৰ পিছতো যুৱকজনক মৃত বুলি পূৰ্বে কৰা ঘোষণাত দৃঢ় হৈ থকাত পৰিয়ালে জোন বৰ্মনৰ মৃতদেহটো মৰ্গৰ পৰা বলপূৰ্বকভাৱে উলিয়াই চিকিৎসাৰ বাবে ল’ৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰে৷

কিন্তু তাতো ছাত্ৰজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে চিকিৎসকে৷ ইয়াতো হতাশ নহৈ পৰিয়ালৰ লোকে মৃতদেহটো গুৱাহাটীলৈ লৈ আনে। কিন্তু গুৱাহাটীতো যুৱকজনক মৃত বুলি ঘোষণা কৰাৰ পিছত আজি মৃতদেহ নিজা ঘৰ কোকৰাঝাৰৰ  গোসাঁই গাৱঁলৈ নি দাহ কৰে পৰিয়ালৰ লোকে।

স্থানীয় এজন লোকে কয় যে দুৰ্ঘটনাত পতিত যুৱকজনৰ হঠাতে হোৱা মৃত্যুক সহজভাৱে ল’ব নোৱাৰিয়ে পৰিয়ালৰ লোকে মৃতদেহ মৰ্গৰ পৰা উলিয়াই আনি দুই-তিনিখনকৈ চিকিৎসালয় ঘূৰাই ফুৰায়।