NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ কেওঁটকুছি পঞ্চায়তত বেলটত বিসংগতি : কংগ্ৰেছী প্ৰাৰ্থীৰ নামত পদুম ফুলৰ প্ৰতীক

Posted by: পুলেন্দ্ৰ দাস December 9, 2018 7:21 am
Barpeta congress symbolphoto

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ক্ষণত শনিবাৰে বিয়লি বৰপেটা জিলাৰ ১০ নং কেওঁটকুছি গাঁও পঞ্চায়তৰ বেলট কাকতত বিসংগতি হোৱাৰ ঘটনা জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বৰপেটা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০ নং কেওঁটকুছি গাওঁ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে চপা হোৱা বেলট কাকতত কংগ্ৰেছ প্ৰাৰ্থীৰ নামৰ বিপৰীতে বিজেপি দলৰ প্ৰতীক পদুম ফুল ছপা হোৱাটো স্থানীয় বি এল অ’ই প্ৰথমে প্ৰত্যক্ষ কৰে।

পঞ্চায়তটোত সভাপতি পদত বিজেপি দলৰ প্ৰাৰ্থী নাই যদিও পঞ্চায়তটোত বিজেপিৰ প্ৰতীক চিহ্ন বেলট পেপাৰত প্ৰত্যক্ষ কৰি বি এল অ’ গৰাকীয়ে হতভম্ব হৈ পৰে ৷

গাওঁ পঞ্চায়টোৰ সভাপতি পদত দুগৰাকী প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ ছুফিয়া খাতুন আৰু অগপ দলৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কিন্তু বেলট কাকতত কংগ্ৰেছী প্ৰাৰ্থী গৰাকীৰ নামৰ বিপৰীতে বিজেপি দলৰ প্ৰতীক চিহ্ন পদুম ফুল ছপা হয় ৷

উক্ত বিসংগতি পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সংশ্লিষ্ট বিল এল অ’ তথা ৰাইজে বেলট সমূহ পুনৰ শুদ্ধভাৱে ছপা কৰিবলৈ জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে ৷

প্ৰশাসনে নিশাৰ ভিতৰতেই শুদ্ধ বেলট কাকত যোগান ধৰাৰ আশ্বাস দিয়া বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷