NORTHEAST NOW (Assamese)
অসম

মৃতদেহক লৈ নিশা থানাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ অমানৱীয় কাণ্ডত লজ্জানত জাজৰিবাসী

Posted by: এন ই নাও নিউজ December 9, 2018 7:53 am
nagaon jajari.docx photo

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সৰবৰহী ব্যক্তি তথা ভূটানস্থিত গেমন ইণ্ডিয়াৰ মাংচু হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ প্ৰজেক্টত ফ’ৰমেন হিচাপে কৰ্মৰত সুভাষ চন্দ্ৰ গোস্বামীৰ ৰহস্যজনকভাৱে এক দুৰ্ঘটনাত মৃত্যু হোৱা বাতৰিয়ে সমগ্ৰ অঞ্চলজুৰি এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ সূত্ৰে জানিব পৰামতে, বিগত বছৰৰ ২০ ছেপ্টেম্বৰত ভূটানস্থিত গেমন ইণ্ডিয়াৰ ‘মাংচু হাইড্ৰ’ ইলেকট্ৰিক পাৱাৰ প্ৰজেক্ট’ত ফ’ৰমেন ৰূপে যোগদান কৰা সুভাষ গোস্বামীৰ কৰ্মস্থলীতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি ফোনযোগে পৰিয়ালৰ লোকক জনায় কোম্পানীটোৰ এজন বিষয়াই।

বিষয়াজনে জনোৱা অনুসৰি, বৃহস্পতিবাৰে বিয়লি ভাগত নিজৰ কৰ্মৰত অৱস্থাত চিৰিৰে ওপৰ মহলালৈ গৈ থকা অৱস্থাত দুৰ্ভাগ্যবশত: পিছলি গৈ কেইবা মিটাৰ উচ্চতাৰ পৰা তললৈ সৰি পৰে গোস্বামী। ঠিক সেই সময়তে উক্ত স্থানেৰ আহি থকা কোম্পানীটোৰ এখন গাড়ীয়ে গোস্বামীক মহতিয়াই নিয়াত তেওঁ কৰুণ মৃত্যুক সাবটি লয়।

কিন্তু গোস্বামীৰ মৃত্যুৰ খবৰটো পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই। ইপিনে, শুকুৰবাৰে নিশা ৭:৩০ বজাত মৃতদেহটি কোম্পানীয়ে জাজৰি আৰক্ষী থানালৈ লৈ আহে, কিন্তু তেনেসময়তে ঘটিল এক অনাকাংখিত পৰিস্থিতিৰ। নিয়মানুসৰি  মৃতদেহ অনা বাহনখন থানালৈ অনা হয় যদিও এই বিষয়ত আৰক্ষী পূৰ্বে জ্ঞাত নোহোৱা বাৱে থানাত প্ৰৱেশত বাধা আৰোপ কৰি বাহনৰ চালকজনক অকথ্য গালি-গালাজ কৰে।

তদুপৰি, থানাৰ সন্মুখৰ পৰা মৃতদেহটো মৃতকৰ গৃহলৈ লৈ যাৱলৈ মৃতদেহ বহনকাৰী বাহনখনৰ চাললকক নিৰ্দেশ দি থানাৰ ভিতৰৰ পৰা উলিয়াই পঠায়। ফলত উপায়ন্তৰ হৈ প্ৰায় ৪ ঘণ্টা ধৰি মৃতদেহ কঢ়িয়াই অনা বাহনখন মৃতদেহসহ জাজৰি থানাৰ সন্মুখতে ৰাখি থয়।

আনহাতে, আৰক্ষীয়ে মৃতদেহটোৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাত থানা চৌহদত বহুলোকৰ সমাগম হয় আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষুভিত জনতাই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে পাছত থানাৰ এজন কৰ্মচাৰীয়ে মৃতদেহটোৰ ক্ষেত্ৰত কৰিবলগীয়া প্ৰয়োজনীয় কাম-কাজ সম্পন্ন কৰাতহে উত্তপ্ত পৰিস্থিতিৰ শাম কাটে।

মৃতদেহটোৰ ফলত সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে বৃহত্তৰ জাজৰি অঞ্চলৰ সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, জাজৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত টিকেন্দ্ৰ নাথ গোস্বামী আৰু কুসুম গোস্বামীৰ তৃতীয় পুত্ৰ সুভাষ গোস্বামী অঞ্চলত এগৰাকী আদৰ্শ কৃষক ৰূপেও পৰিচিত আছিল। প্ৰকৃততে গোস্বামীৰ মৃত্যু এক দুৰ্ঘটনা নে হত্যাকাণ্ড আছিল সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত।