NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত পদক লাভ অসমৰ ৪ গৰাকী ছাত্ৰীৰ

Posted by: বিদ্যুত জ্যোতি বৰা December 9, 2018 5:38 pm
Karate team

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমনিস্থিত ‘গুড ছেফাৰ্ড হোম’ নামৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চাৰিটাকৈ পদক জয়ৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

জানিব পৰা মতে, যোৱা ১ ডিচেম্বৰৰ পৰা ৩ ডিচেম্বলৈ ‘ইণ্ডিয়া জেন ডো চীন কেৰাটে ফেডাৰেশ্বন’ৰ উদ্যোগত বিহাৰৰ মোজাফৰপুৰ চহৰত অনুষ্ঠিত হোৱা ৩য় আই জেদ এছ কে এফ মুকলি ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নস্বীপৰ চূড়ান্ত খেলত বিদ্যালয়খনৰ ৩ গৰাকী ছাত্ৰীৰ লগতে কলিয়াবৰ কলেজৰ এগৰাকী ছাত্ৰীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত দেশৰ মুঠ ২৫খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত গুড ছেফাৰ্ড হোম বিদ্যালয়ৰ সুহানী কুমাৰীয়ে সোণ আৰু ক্লেভেন্টিনা মিন্সে ৰূপৰ পদক লাভ কৰাৰ লগতে বিদ্যালয়খনৰে মুস্কান গুপ্তা আৰু কলিয়াবৰ কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মাৰ্টিনা এক্কাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।