NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে উদ্বোধন কৰিলে ‘অভিতাৰা’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 9, 2018 5:34 pm

যতীন বৰাই অভিনয় কৰা ‘ৰত্নাকৰ’ চিনেমাৰ সংগীতৰ কামত ব্যস্ত হৈ থকা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে আজি ৰাজগড় পথত অৱস্থিত ‘অভিতাৰা’ নামৰ এখন ‘ডিজাইনিঙৰ দোকান মুকলি কৰে।

মডেলিঙৰ সৈতে জড়িত পুৰুষ-মহিলাৰ বাবে প্ৰয়োজনীয় সকলোধৰণৰ কাপোৰ, মেক আপ সামগ্ৰী, আ-অলংকাৰ উপলব্ধ হ’ব উক্ত প্ৰতিষ্ঠানত।

ডিজাইনিঙৰ দোকানখন উদ্বোধন কৰিয়ে জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত জুবিনে নতুনকৈ কৰিব লগীয়া চিনেমা ‘বাঘ’ৰ কথা ঘোষণা কৰে। কাঞ্চনজংঘাৰ মুক্তিৰ পাছতে ‘বাঘ’ৰ কাম আৰম্ভ কৰিব বুলিও জুবিনে উল্লেখ কৰে।

প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ফেশ্ব্যন ডিজাইনাৰ অন্যন্যা পাচনীক জুবিনে শুভেচ্ছা জনোৱাৰ লগতে মডেলিঙৰ সৈতে জড়িত সকলোকে ক্ৰয় কৰিবৰ বাবে অনুৰোধ জনায়।

আনহাতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অন্যন্যাই জানিবলৈ দিয়া মতে দিল্লী, জয়পুৰ, মুম্বাই, আহমেদাবাদকে ধৰি অসমৰ পৰম্পৰাগত সাজপাৰ, আ-অলংকাৰ উপলব্ধ হ’ব উক্ত প্ৰতিষ্ঠানত। লগতে কম মূল্যতে মডেলিঙৰ কাপোৰ আৰু আ-অলংকাৰসমূহ লাভ কৰিব বুলিও পাচনীয়ে জানিবলৈ দিয়ে।