NORTHEAST NOW (Assamese)
অসম

দলগাৱঁত পৰিত্যক্ত অৱস্থাত বেলট পেপাৰ উদ্ধাৰ; পুনৰ ভোটগ্ৰহণৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত দাবী

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী December 9, 2018 5:06 pm
Ballot Paper Abandoned

আজি ৰাজ্যৰ ১০খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অন্তৰ্গত ৬১নং গলন্দি গাওঁ পঞ্চায়তৰ ৩নং গলন্দি আৰু ২নং গলন্দি গাৱঁৰ ২নং গলন্দি কাষ প্রাথমিক বিদ্যালয়ৰ ভোট কেন্দ্রৰ পিছফালে পৰিত্যক্ত অৱস্থাত বেলট পেপাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভোট কেন্দ্রটোৰ পিছফালে পৰিত্যক্ত অৱস্থাত বেলট পেপাৰ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ স্থানীয় লোকসকলে ইয়াক কোনো এটা ৰাজনৈতিক দলৰ কাম হ’ব পাৰে বুলি সন্দেহ কৰিছে।

জানিব পৰামতে, আজি ভোটগ্ৰহণৰ সময়ৰ আৰম্ভণিতে এই বেলট পেপাৰবোৰ লৈ কণ কণ শিশুসকলে খেলি থকাটো স্থানীয় কিছু সংখ্যক লোকৰ দৃষ্টিত পৰে।

সচেতন লোককেইজনমানে এই বেলট পেপাৰসমূহ উদ্ধাৰ কৰে যদিও সেইবোৰ ইতিমধ্যে ফালি-ছিঙি নষ্ট কৰি পেলোৱা হৈছিল বুলি ৰাইজৰ অভিযোগত প্ৰকাশ। ৰাইজে উদ্ধাৰ কৰা বেলট পেপাৰসমূহৰ ক্ৰমে ৪৬৭৯, ০৫০৯, ৪২৩১৭, ৫১২৯, ৪১৮৪ আৰু ৪১৮৯৯ ক্রমিক নম্বৰৰ বেলট পেপাৰসমূহ পেলাই দিয়া হয়।

অঞ্চলটোৰ সচেতন ৰাইজ আৰু নিৰ্বাচনৰ কিছু সংখ্যক প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে পুনৰ ভোট গ্রহণ অনুষ্ঠিত কৰি দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ দাবী জনাইছে। অৱশ্যে এই সম্পৰ্কে জিলা প্ৰশাসনে বাতৰি যুগুতোৱা পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।