NORTHEAST NOW (Assamese)
অসম

ক’ভিড সংক্ৰমণত বোকাখাতৰ প্ৰবীন কংগ্ৰেছ কৰ্মী গুনীন ভৰালীৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 18, 2020 1:10 pm
Covid19: 1351 persons discharged in Assam on Sunday

বোকাখাতত ক’ভিড-১৯ ৰ সংক্ৰমণত ষষ্ঠজন লোকৰ মৃত্যু হৈছে৷ বোকাখাতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, মধুমিতা হোটেলৰ স্বত্ত্বাধিকাৰী গুনীন ভৰালীৰ বৃহস্পতিবাৰৰ দিনা ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু হয়৷

মধুমেশ আৰু উচ্চ ৰক্তচাপত অসুস্থ হৈ পৰা গুনীন ভৰালীক প্ৰথমে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাৰ বাবে পাছত উন্নত চিকিৎসাৰ বাবে বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা মৃত্যুক আকোৱালি লয় গুনীন ভৰালীয়ে৷

মৃত্যুৰ পাছত কৰা ক’ভিড-১৯ৰ পৰীক্ষাত ভৰালীৰ শৰীৰত ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰে৷ 

গুনীন ভৰালী

প্ৰয়াত গুনীন ভৰালী বোকাখাত নগৰ মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু এজন প্ৰবীন কংগ্ৰেছ কৰ্মী আছিল৷ 

গুনীন ভৰালীৰ মৃত্যুত বোকাখাত ব্লক কংগ্ৰেছ সমিতিৰ লগতে বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

গুনীন ভৰালীৰ উপৰি ৰমেন্দ্ৰ কুমাৰ দেৱ নামৰ এজন লোকৰ ক’ভিড-১৯ৰ সংক্ৰমণত বোকাখাত অসামৰিক চিকিৎসালয়তে বৃহস্পতিবাৰৰ দিনা মৃত্যু হোৱাৰ পাছত বোকাখাতত ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়৷