NORTHEAST NOW (Assamese)
Popular Stories

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2025 11:28 am

এইবাৰ এসপ্তাহ পূৰ্বে বিয়া কৰোৱা পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে স্বয়ং স্বামীৰ বিৰুদ্ধে। উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত হৈছে এই ঘটনা। মৃতকৰ নাম আৰতি পাল। বয়স ২৬ বছৰ। তেওঁ জৌনপুৰৰ বাসিন্দা আছিল। এসপ্তাহৰ আগতে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ আমাওলী নিবাসী ৰাজু পালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। যোৱা ৯ মে‘ত আৰতিৰ দেহাৱসান ঘটে। এই খবৰ শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। কোৱা হয় যে আৰতি ৰাজুৰ তৃতীয় পত্নী আছিল।

জানিব পৰা মতে বিয়াৰ পিছত ৰাজু আৰু আৰতিৰ মাজত সমস্যা আৰম্ভ হৈছিল। ৯ মেত এই বিপদৰ শিখৰত উপনীত হয়। অভিযোগ অনুসৰি সেই সময়ত ৰাজুৱে আৰতিক কিবা গধুৰ বস্তুৰে আঘাত কৰিছিল। থিতাতে খহি পৰিল আৰতি। চুবুৰীয়াই তেওঁক উদ্ধাৰ কৰিবলৈ আহি চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

চুবুৰীয়াই আৰক্ষীক খবৰ দিলে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৰাজুক আটক কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ মতে, ৰাজুৱে ইয়াৰ পূৰ্বে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু একাধিক সমস্যাৰ বাবে তেওঁ পূৰ্বৰ পত্নী দুগৰাকীক বিবাহ বিচ্ছেদ কৰে। ইয়াৰ পাছত ৰাজুৱে তৃতীয়বাৰৰ বাবে বিয়া পাতিলে।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিপৰ্ট আহিলেই নিশ্চিত হব মৃত্যুৰ প্ৰকৃত কাৰণ। তদন্তকাৰী বিষয়াসকলে কয় যে ৰাজুৰ পূৰ্বৰ দুগৰাকী পত্নীক জেৰা কৰি ৰাজুৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰিব। তেওঁলোকে কিয় বিবাহ বিচ্ছেদ কৰিলে সেই কথাও জানিবলৈ চেষ্টা কৰা হৈছে।