NORTHEAST NOW (Assamese)
Popular Stories

সামাজিক মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰবধূ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! কিমান সত্যতা আছে এই খবৰত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 18, 2025 12:21 pm

মুকেশ আম্বানী বা আম্বানী পৰিয়াল ভাৰতৰ ভিতৰতে এটি চৰ্চিত নাম। বিগত বৰ্ষৰ জুলাই মাহত ৰাজকীয় বিবাহৰ পাছত এতিয়া পুনৰ শিৰোনাম দখল কৰিছে অনন্ত আম্বানীৰ পত্নী ৰাধিকা মাৰ্চেণ্ট-এ। কাৰণ, এটা বাতৰিয়ে ছচিয়েল মিডিয়াক ধুমুহাৰ দৰে আগুৰি ধৰিছে – যে ৰাধিকা মাৰ্চেণ্ট গৰ্ভৱতী নেকি? কেৱল সেয়াই নহয়, ৰাধিকাই যমজ সন্তান জন্ম দিব বুলিও চৰ্চা চলিছে!

ৰাধিকা মাৰ্চেণ্ট বৰ্তমান ৫ মাহৰ গৰ্ভৱতী হোৱাৰ কথা অনলাইন মাধ্যমত প্ৰচাৰিত হৈছে বুলি সংবাদ মাধ্যম ঢাকাপোষ্টে প্ৰকাশ কৰিছে। স্বাভাৱিকতে এনে খবৰ বিয়পিবলৈ বেছি সময় নালাগিল।

ঢাকাপোষ্টে উল্লেখ কৰিছে যে, অৱশ্যে এই বিষয়ত এতিয়ালৈকে আম্বানী পৰিয়ালৰ পৰা কোনো ঘোষণা হোৱা নাই। ৰাধিকা আৰু অনন্ত আম্বানীয়েও নিজৰ ব্যক্তিগত জীৱনক লৈ মৌনতা অৱলম্বন কৰিছে।

কিন্তু এই খবৰ সঁচা হওক বা উৰাবাতৰিয়ে হওক, ৰাধিকা-অনন্তক লৈ এতিয়া চৰ্চাৰ শিখৰত উপনীত হৈছে জল্পনা-কল্পনা।