NORTHEAST NOW (Assamese)
অসম

হোজাইত শান্তিপূর্ণভাৱে সম্পন্ন হয় দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

Posted by: নিখিল মুন্দ্ৰা December 9, 2018 10:19 pm
Hojai

আজি ৰাজ্যৰ ১০ খন জিলা আৰু তিনিটা মহকুমাত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া হোজাই জিলাত শান্তিপূর্ণভাৱে সম্পন্ন হৈ যায়।

জিলাখনৰ ১২টা জিলা পৰিষদ, ৫টা আঞ্চলিক পৰিষদ, ৬৭টা গাঁও পঞ্চায়তৰ সভাপতি আৰু ৬৭০টা ৱাৰ্ড মেম্বাৰ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈকে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত জিলাখনৰ ৬৬ শতাংশ ভোটাৰ ৰাইজে ভোটদান কৰে।

উল্লেখযোগ্য যে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে ভোটগ্ৰহণৰ নিৰ্দিষ্ট সময় ওকলি যোৱাৰ পিছটো দিঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হয়।

আনহাতে এ আই ইউ ডি এফৰ দলপতি বদৰুদ্দিন আজমলে তেওঁৰ পুত্ৰ তথা যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুল ৰহিম আজমলৰ সৈতে পুৱা ৯:৩০ বজাত হোজাই জিলাৰ গোপালনগৰ পঞ্চায়তৰ বৰদংকিগাঁও এম ই স্কুলত ভোটদান কৰে।

ভোটদান কৰি উঠি সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বদৰুদ্দিন আজমলে কয়, ‘ভোটাৰসকলে তেওঁলোকৰ বহুমূলীয়া ভোটটো সঠিক প্ৰাৰ্থীক দিব বুলি মই আশাবাদী’।