NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

Posted by: এন ই নাও নিউজ December 11, 2018 11:52 am
COVID-19 positive cases reach 196 in Assam Police

সোমবাৰে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি ঘটোৱা হৈছে। ৰাজ্যৰ গৃহ বিভাগে এক জৰুৰী নিৰ্দেশনা জাৰি কৰি এই সালসলনিৰ কথা জানিবলৈ দিয়ে।

গৃহ বিভাগে জাৰি কৰা জাননী অনুসৰি মুখ্য মন্ত্ৰীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক খনীন্দ্ৰ কুমাৰ চৌধুৰীক গুৱাহাটী উপ-আৰক্ষী আয়ুক্ত (পশ্চিম) পদলৈ আৰু লামডিঙৰ দ্বিতীয় এ পি টি এফ বেটেলিয়নৰ অধিনায়ক মিহিৰজিৎ গায়নক মুখ্য মন্ত্ৰীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।

আনহাতে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ অধিনায়ক নিতাই চন্দ্ৰ ঘোষক সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক হিচাপে আৰু শিলচৰৰ আৰক্ষী অধীক্ষক (এফ আৰ আৰ অ’) ধৰ্মেন্দ্ৰ কুমাৰ দাসক লামডিঙৰ দ্বিতীয় এ পি টি এফ বেটেলিয়নৰ অধিনায়ক হিচাপে বদলি কৰে।

ইফালে সীমান্ত শাখাৰ আৰক্ষী অধীক্ষক হৰেন টকবিক দেৰগাঁৱৰ আৰ টি এফৰ অধিনায়ক হিচাপে, আৰক্ষী অধীক্ষক ভূপেন্দ্ৰ নাথ হাজৰিকাক আৰক্ষী অধীক্ষক (এফ আৰ আৰ অ’) গুৱাহাটীলৈ বদলি কৰাৰ বিপৰীতে আৰক্ষী অধীক্ষক (এফ আৰ আৰ অ’) গুৱাহাটীৰ ড০ ছিদ্দিক আলী আহমেদক আৰক্ষী অধীক্ষক এফ এচ এ পদলৈ বদলি কৰা হয় বুলি গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে জানিবলৈ পোৱা যায়।