NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ দাবী আৰু আপত্তিৰ সময় এমাহ বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ আৱেদন

Posted by: এন ই নাও নিউজ December 11, 2018 11:24 am
Get ready to accept Assam NRC positively

এন আৰ চিৰ দাবী আৰু আপত্তি দাখিলৰ ক্ষেত্ৰত আৰু এমাহ সময় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে। পূৰ্বে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া অনুসৰি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী আৰু আপত্তি দাখিলৰ অন্তিম তাৰিখ হৈছে অহা ১৫ ডিচেম্বৰ। ৰাজ্য চৰকাৰে ৰাইজক সুযোগ দিবলৈ এই সময় বৃদ্ধিৰ আৱেদন জনাইছে।

মূলত: পঞ্চায়ত নিৰ্বাচনত বিষয়া-কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ উপৰি ৰাইজো ব্যস্ত থকাৰ কাৰণ দৰ্শাই ৰাজ্য চৰকাৰে দাবী আৰু আপত্তি দাখিল কৰিবলৈ  সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে।

অৱশ্যে জানিব পৰা মতে গৃহ বিভাগে এসপ্তাহৰ পূৰ্বে এন আৰ চি কৰ্তৃপক্ষক এখন পত্ৰৰ জৰিয়তে দাবী আৰু আপত্তি দাখিলৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ক অৱগত কৰি ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত জানিব বিচাৰিছিল যদিও এন আৰ চি কৰ্তৃপক্ষই গৃহ বিভাগৰ পত্ৰৰ কোনো সঁহাৰি নজনালে। সেয়েহে, ৰাজ্য চৰকাৰে  সময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আৱেদন জনাইছে।

ৰাজ্য চৰকাৰে আৱেদনত পঞ্চায়ত নিৰ্বাচনত ৰাইজ ব্যস্ত হৈ থকাৰ বাবে দাবী আৰু আপত্তি দাখিলৰ সংখ্যা কম হোৱাৰ কথা উল্লেখ কৰি ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি নোহোৱাৰ ফলতো আৱেদন কম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

আনহাতে, অন্তৰ্ভুক্ত হোৱা কোনো ব্যক্তিৰ ক্ষেত্ৰত সন্দেহ হ’লে আপত্তি জনোৱাৰ সুযোগ থাকিলেও এ আৰ এন নম্বৰটো আনে নোপোৱাৰ বাবেই আপত্তি দাখিলৰ সংখ্যা কমিছে। ইয়াৰ লগতে দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰখন জটিল হোৱাৰ ফলতো বহু লোকে আৱেদন দাখিল কৰিব নোৱৰাৰ কথা উল্লেখ কৰা হৈছে আৱেদনখনত।

ৰাজ্য চৰকাৰ এই আৱেদনখন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে যদিও এতিয়ালৈকে কোনো নিৰ্দেশনা দিয়া নাই। আনহাতে, মুখ্য ন্যায়াধীশ গৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই সন্দৰ্ভত সুকীয়া বিচাৰপীঠ গঠন কৰাৰো পোষকতা কৰিছে। আজিৰ ভিতৰতে এই বিষয়ত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰাৰো সম্ভাৱনা আছে।