NORTHEAST NOW (Assamese)
নাগালেণ্ড

অভূতপূৰ্ব দৰ্শকৰ সমাহাৰেৰে সামৰণি পৰিল নাগালেণ্ডৰ ‘হৰ্নবিল মহোৎসৱ’

Posted by: এন ই নাও নিউজ December 11, 2018 12:55 pm
Hornbill Festival

যোৱা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমাৰ পৰা ১০ কিঃমিঃ দূৰত অৱস্থিত কিছামা হেৰিটেজ ভিলেজত ১০ দিনীয়াকৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক হৰ্নবিল মহোৎসৱৰ সোমবাৰে নিশা বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে সামৰণি পৰে।

সোমবাৰে সামৰণি অনুষ্ঠানত পৰ্যটন ও শিল্প আৰু সাংস্কৃতিক উপদেষ্টা এইচ খেহ’বি য়েপথমিয়ে হৰ্নবিল মহোৎসৱখন সুন্দৰভাৱে সম্পন্ন হোৱা বাবে সকলো লোককে ধন্যবাদ জনায়।

সামৰণি বক্তব্যত য়েপথেমিয়ে পৰ্যটক, অতিথিৰ লগতে মহোৎসৱখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জনোৱাৰ লগতে অহা বৰ্ষতো যাতে একেধৰণৰে সহাৰি দিয়ে তাৰ বাবে অনুৰোধ কৰে।

উল্লেখ্য যে চলিত বছৰৰ হৰ্নবিল মহোৎসৱত সৰ্বমুঠ ২লাখ ৫১হাজাৰ ৭০১গৰাকী দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ২৭০২গৰাকী বিদেশী পৰ্যটক, ৩৭ হাজাৰ ৩৯৭গৰাকী ঘৰুৱা পৰ্যটক আৰু ২লাখ ১১হাজাৰ ৬০২গৰাকী স্থানীয় লোক।

মন কৰিবলগীয়া যে যোৱা বৰ্ষৰ তুলনাত এইবাৰৰ মহোৎসৱত দৰ্শনাৰ্থীৰ সংখ্যা কিছু পৰিমানে বৃদ্ধি পাইছে। ১৮ সংখ্যক হৰ্নবিল মহোৎসৱত অংশগ্ৰহণ কৰা দৰ্শনাৰ্থীৰ সংখ্যা আছিল ২লাখ ৪৩ হাজাৰ ২১৪গৰাকী।

হৰ্নবিল মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। যাৰ বাবে মহোৎসৱখনিত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিভিন্নজনে মত আগবঢ়াইছে।