NORTHEAST NOW (Assamese)
অসম

৩ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ টংলাৰ ব্যৱসায়ীৰ

December 12, 2018 4:59 pm
Picture1-11-696x478-01

এগৰাকী ব্যৱসায়ীয়ে ওদালগুৰি জিলাৰ ৩গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ওদালগুৰি ন্যায়িক দণ্ডাধীশৰ আদালতত ফৌজদাৰী মকৰ্দমা তৰিছে। প্ৰপ্ত খবৰ অনুসৰি, যোৱা ১০ ডিচেম্বৰ সোমবাৰে ওদালগুৰিৰ টংলা চহৰ নিবাসী মিথুন চক্ৰবৰ্তী নামৰ ব্যৱসায়ীগৰাকীয়ে ভেৰগাঁৱৰ মহকুমা আৰক্ষী বিষয়া বৰুণ পুৰকায়স্থ, টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গা কিংকৰ শৰ্মা আৰু উপ পৰিদৰ্শক প্ৰতাপ নাথৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩, ৩৫৪ (ক), ৩৮৯ আৰু ২৯৪ ধাৰাত ওদালগুৰি ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ (১৭৩/১৮) এটা গোচৰ পঞ্জীয়ন কৰায়। অভিযোগকাৰীয়ে আৰক্ষী বিষয়াকেইগৰাকীৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে আঘাত কৰা, ভয় দেখুওৱা আৰু ৰাজহুৱা স্থানত অশ্লীল শব্দ প্ৰয়োগ কৰা আদি অভিযোগ উত্থাপিত কৰে। তেওঁৰ অভিযোগৰ সপক্ষে ১০গৰাকী সাক্ষীকো তেওঁ উপস্থিত কৰায়।

অভিযোগকাৰীয়ে জনোৱা মতে, ১৫ তাৰিখে দুৰ্গা পূজাৰ সময়ত তেওঁ তেওঁৰ দুচকীয়া বাহনখনত তেল বৰাই অহাৰ সময়ত টংলা চহৰৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সমীপত মঙলদৈ-ভুটীয়াচোং পথত উপ পৰিদৰ্শক নাথে তেওঁৰ পৰা তেওঁৰ বাহনখন কাঢ়ি লয়। তেওঁ চালকৰ অনুজ্ঞাপত্ৰত বাবে বাকী নথি জমা দিয়ে আৰু পাছত ঘৰৰ পৰা আনি সেইখনো জমা দিয়ে।

তেওঁ অভিযোগ কৰা মতে আৰক্ষী বিষয়াগৰাকীয়ে তৎসত্তেও তেওঁক বাহনখন ওভোতাই দিবলৈ অমান্তি হয়। তেওঁ কয় যে শীৰ্ষ মহলৰ পৰা অহা হেঁচাৰ বাবে তেওঁ বাহনখন ওভোতাই দিব নোৱাৰে। উপ পৰিদৰ্শক নাথে অভিযোগকাৰীক তেওঁৰ বাহনখন টংলা থানাৰ পৰা লৈ অহাৰ বাবে কয়। তাৰ পাছত উপ পৰিদৰ্শক নাথে অভিযোগকাৰীৰ বিপক্ষে এখন এফআইআৰ দাখিল কৰে। ইয়াত অভিযোগকাৰীৰ বিপক্ষে এগৰাকী আৰক্ষী বিষয়াক তেওঁৰ কামত বাধা দিয়াৰ অভিযোগ অনা হয়। তেওঁক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত দিয়া হয়।

নৰ্থ ইষ্ট নাওৰ আগত অভিযোগকাৰীয়ে কয়, ‘‘মোক এটা মিছা আৰু সজোৱা অভিযোগত দোষী সাব্যস্ত কৰা হৈছে। মোক মানসিকভাৱে নিৰ্যাতন আৰু হাৰাশাস্তি কৰা হৈছে। মই আশা কৰোঁ যে ন্যায় বিচাৰ প্ৰদান কৰা হ’ব আৰু মই নিৰ্দোষী প্ৰমাণিত হ’ম।’’