NORTHEAST NOW (Assamese)
অসম

নাজিৰা চহৰৰ উন্নয়নৰ বাবে অ’এন জি চিৰ চিৰ কোটিটকীয়া আঁচনি

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 22, 2019 9:07 am

অ’ এন জি চিয়ে নাজিৰা চহৰত তিনিটাকৈ কৰ্পৰেট খণ্ডৰ সামাজিক দায়বদ্ধতা আঁচনি (চি এছ আৰ)ৰ শুভাৰম্ভ কৰে। এক কোটিতকৈ অধিক পুঁজি ব্যয় কৰি ৰূপায়ণ হ’বলগীয়া এই আঁচনিৰ শুভাৰম্ভ কৰে অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক তথা প্ৰবন্ধক এছ ডি মাস্কেই।

সেই অনুসৰি প্ৰতিষ্ঠানটোৰ ফালৰ পৰা নাজিৰা পৌৰসভালৈ গান্ধী ময়দান উদ্যানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৩৬.৫৪ লাখ টকা, কৃত্ৰিম বানৰ সমস্যা ৰোধৰ বাবে ছাটাৰ শ্লুইচ গেট নিৰ্মাণ কৰিবলৈ ৪৮.৭৮ লাখ টকা আৰু আৰ চি চি ড্ৰেইন নিৰ্মাণ আৰু চহৰখনত ১৩৬ টা সৌৰশক্তি সম্পন্ন ষ্ট্ৰীট লাইট স্থাপনৰ বাবে ২৪ লাখ টকা আগবঢ়োৱা হয়।

আঁচনিসমূহৰ শুভাৰম্ভ কৰি অ’ এন জি চিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক তথা সম্পদ প্ৰবন্ধক এছ ডি মাস্কেই কয়, ‘অ’ এন জি চিয়ে ইয়াৰ কাৰ্যক্ষেত্ৰৰ দাতিকাষৰীয়া অঞ্চলসমূহৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ।’

অনুষ্ঠানত উপস্থিত থকা নাজিৰা উপ সংমণ্ডলৰ এছ ডি চি ৰাজীৱ থাপা আৰু নাজিৰা পৌৰসভাৰ অধ্যক্ষ দিলীপ কুমাৰ শইকীয়াই নাজিৰা চহৰৰ উন্নয়নৰ অ’ এন জি চিয়ে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে।