NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিব : চি পি আই(এম)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2025 7:24 pm

আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰি উলিওৱা প্ৰিজাইডিং বিষয়াৰ হাতপুথিত উল্লেখিত নিৰ্দেশাৱলীৰ ১০ নং দফাত উল্লেখ কৰা নিৰ্দেশক লৈ চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে।

এই দফা অনুসৰি ভোট দাতাই বেলট কাকতৰ প্রতিপৰ্ণ (কাউণ্টাৰ ফইল)ত চহী বা টিপ চহী দিব লাগিব আৰু সেই চহীৰ লগতে দ্বিতীয় গৰাকী পোলিং বিষয়াই ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰো লিখিব লাগিব। এই নিৰ্দেশনাই নিশ্চিতভাৱে ভোটাৰৰ গোপনীয়তা ভংগ কৰিব। যিহেতু কাউণ্টাৰ ফইলৰ ক্ৰমিক নম্বৰ আৰু ভোটাৰজনক দিয়া বেলট কাগজৰ ক্ৰমিক নম্বৰ একে হ’ব, কোনোৱে ইচ্ছা কৰিলেই ভোটাৰজনে কাক ভোট দিছে জানিব পাৰিব।

ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। কাৰণ এই ধৰণৰ অদ্ভূত ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ৰক্ষাৰ অধিকাৰ সম্পূৰ্ণৰূপে ভংগ কৰিব। কাউণ্টাৰ ফইলত চহী কৰা আৰু ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ উল্লেখ কৰাৰ সলনি ভোটাৰৰ গোপনীয়তা ৰক্ষা কৰি অন্য ধৰণে ভোটদান প্ৰক্ৰিয়া নথিভুক্ত কৰিব পৰা যায়। সেয়ে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই নিৰ্দেশনা ততালিকে প্ৰত্যাহাৰ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক দাবী জনাইছে।

উল্লেখ্য যে ভোটাৰসকলে পূৰ্বতে ভোটদানৰ সময়ত কেৱল কাউন্টাৰ ফইলত চহীহে কৰিছিল, কিন্তু চহীৰ সৈতে ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ সন্নিৱিষ্ট কৰা হোৱা নাছিল। যি সময়ত বিজেপি চৰকাৰে বিভিন্ন চৰকাৰী সংস্থা তথা প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰি পঞ্চায়ত নিৰ্বাচনকো প্ৰহসনত পৰিণত কৰিবলৈ উঠি-পৰি লাগিছে আৰু ভয়-ভাবুকিৰ ৰাজনীতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হব বিচাৰিছে, সেই সময়ত এনে ধৰণৰ নিৰ্দেশনা ব্যৱহাৰ কৰি ভোটাৰক শাসকীয় দলৰ পক্ষত ভোট দিবলৈ বাধ্য কৰোৱাৰ যথেষ্ট থল আছে। চিপিআই(এম) দলে এই নিৰ্দেশনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ভোটাৰৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত ইয়াক সংশোধন কৰাৰ দাবী উত্থাপন কৰিছে।