NORTHEAST NOW (Assamese)
অসম

কামৰূপৰ দুয়োখন জিলাতে বিজেপিৰ অগ্ৰগতি, ভোট গণনা অব্যাহত

Posted by: অনিৰ্বাণ পাঠক, মৃদুল প্ৰীতম ডেকা December 13, 2018 12:45 pm
Kamrup

অসম বিভিন্ন স্থানৰ লগতে কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য দুয়োখন জিলাতে এতিয়াও পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য অব্যাহত আছে। আন কেইবাখন ঠাইৰ দৰে উক্ত জিলা দুখনটো বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে।

কামৰূপ মহানগৰ জিলাৰ চাৰিখন জিলা পৰিষদ ক্ৰমে ডিমৰীয়া, বৰখাত, সোনাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ ফলাফল ঘোষণা হৈছে ইয়াৰে আটাইকেইখনতে বিজেপিয়ে জয়লাভ কৰিছে।

আজি পুৱা ১০ বজালৈকে ঘোষণা হোৱা ফলাফল অনুসৰি ২১খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ ১৭টাৰ ফলাফল ঘোষণা হৈছে আৰু ইয়াৰ ‍১৪টাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩ টাত বিজয়ী হৈছে।

আনহাতে ২১০টা ৱাৰ্ড মেম্বাৰ পদৰ ১৮৭টাৰ ফলাফল ঘোষণা হৈছে, ইয়াৰে ১২৬টা বিজেপি, ১৬টা অগপ, ৪৩টা কংগ্ৰেছ আৰু ২টা নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ ১০৩নং পূব শুৱালকুছি গাঁও পঞ্চায়ত বিজেপিৰ দখলত গৈছে। পঞ্চায়তখনৰ সভাপতি, আঞ্চলিক সদস্য পদৰ লগতে ১০টা ৱাৰ্ডৰ ৯টা ৱাৰ্ডে বিজেপিৰ দখলত যোৱাৰ বিপৰীতে কংগ্ৰেছে ১টা ৱাৰ্ডত জয়লাভ কৰিছে।

আনহাতে হাজো সমষ্টিৰ ২খন গাঁও পঞ্চায়তত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে ২খন অগপ আৰু ১খন কংগ্ৰেছৰ দখলত গৈছে।