NORTHEAST NOW (Assamese)
অসম

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পদত্যাগ কৰা উচিত : বিজেপি বিশ্বনাথ

Posted by: কাজি জেইদুল ইছলাম  December 14, 2018 9:53 am
Screenshot_20181214-075533

পঞ্চায়ত নিৰ্বাচনৰ সামৰণি পৰা ভোট গণনাত বিশ্বনাথ জিলাৰ গহপুৰ, বিহালী, বিশ্বনাথ আৰু চতিয়া বিধানসভা সমষ্টিৰ অধিকাংশ গাঁও পঞ্চায়তেই বিজেপি দলে দখল কৰিবলৈ সক্ষম হৈছে।

গঁড় হত্যাত জড়িত থকা অভিযোগত অভিযুক্ত বিশ্বনাথৰ কংগ্ৰেছ দলৰ ছোৱাগুৰি পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী দিলৱাৰ হুছেইন ২৪০ টা ভোটত জয় লাভ কৰে। উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত সমৰ্থক সকলৰ আনন্দ উল্লাস পৰিলক্ষিত হয়।

ইফালে, এজন গঁড় হত্যাত জড়িত চোৰাং চিকাৰীয়ে পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাৰ পৰামৰ্শ দিছে বিশ্বনাথ বিজেপিয়ে।