NORTHEAST NOW (Assamese)
অসম

নজিৰ বিহীন: এইবাৰ মন্ত্ৰীকে গৃহবন্দী কৰি থ’লে ৰাজ্যিক নিৰ্বাচন আয়ুক্তই!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 7:03 pm
a elec

নিৰ্বাচনৰ সময়ত প্ৰায় ভাগ ৰাজ্যতে শাসকীয় দলটোৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত অযথা হস্তক্ষেপ কৰাটো কোনো নতুন কথা নহয়।

শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে প্ৰায় ক্ষেত্ৰতে নিৰ্বাচনৰ সৈতে জৰিত বিষয়া-কৰ্মচাৰীয়ে মাত মতা দেখা নাযায় যদিও এতিয়া ইয়াৰ এখন ওলোটা ছবিহে দেখা গ’ল অন্ধ্ৰপ্ৰদেশত।

নিৰ্বাচনী কাম কাজত অযথা হস্তক্ষেপ কৰাৰ বাবে এইবাৰ অন্ধ্ৰপ্ৰদেশৰ পঞ্চায়ত দপ্তৰৰ মন্ত্ৰীগৰাকীকে গৃহবন্দী কৰাৰ নিৰ্দেশ দিলে ৰাজ্য খনৰ নিৰ্বাচন আয়ুক্তই।

অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচন আয়ুক্ত নিম্মাগাড্ডা ৰমেশ কুমাৰে পঞ্চায়ত দপ্তৰৰ মন্ত্ৰী পেড্ডিৰেড্ডি ৰামচন্দ্ৰণ ৰেড্ডীক অন্ধ্ৰপ্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন শেষ নোহেোৱালৈকে অৰ্থাৎ ২১ ফেব্ৰুৱাৰী পৰ্যন্ত গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশ দিছে।

আজি অন্ধ্ৰপ্ৰদেশৰ নিৰ্বাচন আয়ুক্তই ৰাজ্য খনৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এই নিৰ্দেশ কাৰ্যকৰী কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰে।

গৃহবন্দী হৈ থকা সময়ত আনকি মন্ত্ৰীগৰাকীক সংবাদমাধ্যমৰো মুখামুখি হ’বলৈ দিয়া নহ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে নিৰ্বাচন আয়ুক্তই অন্ধ্ৰপ্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হোৱা প্ৰাৰ্থীৰ নাম প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিছিল।

মন্ত্ৰী ৰেড্ডীয়ে নিৰ্বাচন আয়ুক্তগৰাকীৰ নিৰ্দেশ উলংঘা কৰিবলৈ সকলো ৰিটাৰ্ণিং বিষয়াকে ওলোটাই নিৰ্দেশ দিছিল।

মন্ত্ৰীৰ নিৰ্দেশ নামানিলে ৰিটাৰ্ণিং বিশষয়াসকল বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও মন্ত্ৰী ৰেড্ডীয়ে সকিয়াই দিছিল।

মন্ত্ৰীৰ এনে নিৰ্দেশৰ পিছতে ৰাজ্য খনৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনী কামত হস্তক্ষেপ কৰাৰ বাবে মন্ত্ৰী ৰেড্ডীক গৃহবন্দী কৰাৰ নিৰ্দেশ দিয়ে।