NORTHEAST NOW (Assamese)
অসম

সুৰাপায়ীৰ বাবে ডাঙৰ খৱৰ! চেলেঞ্জ লৈ য়ুটিউবাৰৰ লাইভত ১.৫ লিটাৰ Vodka পান; হেৰুৱালে প্ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 7:36 pm
representative_505_060221120932

লাইভ ষ্ট্ৰিমিঙত ভদকা খোৱাৰ চেলেঞ্জ লৈছিল তেওঁ। তাকো পেগত নহয়, একেবাৰে ১.৫ লিটাৰ গলাধকৰণৰ। য়ুটিউবত লাইভ ষ্ট্ৰিমিং চলি থকাৰ মাজতে সেই চেলেঞ্জ দেখুৱাবলৈ গৈ প্ৰাণ গ’ল ৬০ বছৰীয়া ৰাছিয়ান ব্যক্তিজনে।

আনহাতে, দৰ্শকসকলে এই ঘটনাৰ ভয়ংকৰ পৰিস্থিতিটো এতিয়াও মনৰ পৰা মচি পেলাব পৰা নাই।

বাতৰি অনুসৰি, ‘গ্ৰেণ্ডফাদাৰ’ নামেৰে পৰিচিত ৰাছিয়ান ব্যক্তিগৰাকীক এক য়ুটিউবাৰে ইয়াৰ বাবে ধনৰ অফাৰ দিছিল। চেলেঞ্জ লোৱা বা দিয়াৰ লাইভ ষ্ট্ৰিমিং কৰা আৰু ইয়াক এক প্ৰতিযোগিতামূলক ৰূপত তুলি ধৰাটো বৰ্তমান ছচিয়েল মিডিয়াত সুলভ হৈ পৰিছে।

সংবাদমাধ্যমৰ বাতৰি অনুসৰি সেই ৰাছিয়ান ব্যক্তিজনে এক শকত ধনৰ বিনিময়ত সেই চেলেঞ্জ গ্ৰহণ কৰিছিল। আনহাতে, এজন য়ুটিউবাৰে তেওঁক ধনৰ বিনিময়ত মদ বা গৰম ছচ খোৱাৰ বাবে চেলেঞ্জ আগবঢ়াইছিল।

বাতৰি মতে, একেলগে ১.৫লিটাৰ ভদকা পান কৰিয়েই ব্যক্তিজন লগে লগে মৃত্যু মুখত পৰে। সেই মৃত্যুৰ দৃশ্য দৰ্শকে লাইভত দেখিবলৈ পায়।

এনে ঘটনাৰ পাছতে ৰাছিয়াত বহুতেই এনে চেলেঞ্জ নিষিদ্ধ কৰাৰ দাবী কৰিছে।