NORTHEAST NOW (Assamese)
অসম

সৰিয়হৰ ডুলিত ভূত! বিধানসভা চৌহদৰ পৰাই চুৰি হ’ল চৰকাৰী বিভাগৰ বাহন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2022 9:09 pm
Govt vehicle stolen near Assembly campus

ৰাজ্যত আজি সংঘটিত হৈছে এক অভাৱনীয় চুৰিকাণ্ড। নিৰাপত্তা ব্যৱস্থা তথা আৰক্ষী প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি চোৰে অসম বিধানসভাৰ চৌহদৰ সমীপৰ পৰাই PWD বিভাগৰ এখন চৰকাৰী বাহন চুৰি কৰি নিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়া মতে বিধানসভা চৌহদৰ সমীপৰ পৰা এখন মহিন্দ্ৰ বলেৰ’ গাড়ী নোহোৱা হোৱা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে।

অৱশ্যে এই খবৰ আৰক্ষীয়ে যথেষ্ট পলমকৈ লাভ কৰা বুলি বিষয়াগৰাকীয়ে কয়। তেওঁ লগতে এই বিষয়টোৰ তদন্ত চলাই থকা আছে আৰু গাড়ীখনৰ লগতে চালকৰ পূৰ্বৰ গতিবিধি পৰীক্ষা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত চুৰি হোৱা বাহনখনৰ চালকগৰাকীকো জেৰা কৰা আছে বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই লগতে কয়।

আনহাতে নিৰাপত্তাৰক্ষীৰ কোনো ত্ৰুটি হৈছে নেকি বুলি অৱতাৰণা কৰা প্ৰশ্নৰ উত্তৰত তেওঁ অপৰাধৰ আগজাননী দিব নোৱাৰি আৰু গাড়ীখন চুৰি হ’লেও গাড়ীখনৰ ওপৰত চকু ৰখাটো চালকৰ কৰ্তব্য বুলি মন্তব্য কৰে।