NORTHEAST NOW (Assamese)
অসম

দীপৰ বিলত ডাঠ মেটেকাত আবদ্ধ হাতী পোৱালিটোক অক্ষত অৱস্থাত উদ্ধাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 11, 2019 7:05 pm
Deepor Beel Calf Elephant_2

দীপৰ বিলত কালিৰ পৰা ডাঠ মেটেকাৰ মাজত আবদ্ধ হৈ থকা হাতী পোৱালিটো অৱশেষত কোনো হানি-বিঘিনি নোহোৱাকৈ উদ্ধাৰ কৰা হৈছে। কালিৰ পৰা চলি থকা উদ্ধাৰ অভিযান আজি পুৱাৰ ভাগত সফলতাৰে অন্ত পৰে। এই কথা নৰ্থ-ইষ্ট নাওক জনালে চিৰিয়াখানাৰ ডি এফ অ’  তেজছ মৰিস্বামীয়ে।

মাকৰ পৰা বিচ্ছিন্ন হৈ মেটেকাত আবদ্ধ হৈ পৰা হাতী পোৱালিটো উদ্ধাৰৰ কামত লাগি আছিল বন বিভাগ আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী।

কালি পোৱালিটো এবাৰ মেটেকাৰ পৰা ঠেলি আনি বাম পোৱাবলৈ সক্ষম হৈছিল যদিও পুনৰ সি উলটি মেটেকাত সোমাইছিল।

ঘন মেটেকাৰ বাবে আৰু পোৱালিটোৱে আঘাত নোপোৱাকৈ উদ্ধাৰ কৰিবলৈ প্ৰচুৰ কষ্ট কৰিব লগীয়া হৈছিল উদ্ধাৰকাৰীসকল।

আজি পুৱাই সফলতাৰে উদ্ধাৰ কৰাৰ পিছত পোৱালিটো ৰাণী বনাঞ্চলৰ মাজলৈ খেদি পঠোৱা হয়।

কাষৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত সঘনাই হাতীৰ পাল দীপৰ বিললৈ অহাটো এটা স্বাভাৱিক ঘটনা। পূৰ্বেও বিলখনত একাধিক হাতী আৰু পোৱালি আবদ্ধ হোৱাৰ নজিৰ আছে। এই পোৱালিটোও এটা পালৰ সৈতে আহি মাক আৰু পালৰ পৰা বিচ্ছিন্ন হৈ ৰৈ গৈছিল মেটেকাৰ মাজত