NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আৰম্ভ এব্ছুৰ অধিৱেশন, পৃথক বডোলেণ্ড দাবীৰ হ’ব গুৰুত্বপূৰ্ণ আলোচনা

Posted by: ৰিনয় বসুমতাৰী January 6, 2018 8:11 pm
এবছু

চাৰিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ দটমাৰ বডোফা নগৰত আজিৰে পৰা তাহানিৰ অবিভক্ত গোৱালপাৰা জিলা নিখিল বডো ছাত্র সন্থাৰ সোণালী জয়ন্তীৰ লগতে কোকৰাঝাৰ এবছুৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন আৰম্ভ হৈছে। সংগঠনটোৱে জনোৱা মতে চাৰিদিনীয়া অধিৱেশনখনৰ প্ৰতিনিধি সভাত বডো মাধ্যম তথা বডোলেণ্ড দাবীৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰি কঠোৰ আন্দোলনৰ প্ৰস্তাৱ লোৱা হব।

উল্লেখযোগ্য যে এই অধিৱেশনতে সংগঠনটোৰ কাৰণে জীৱনৰ আটাইতকৈ ভাল সময়খিনি আগবঢ়োৱা অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰাক্তন এবছু নেতা সকলকো বডো জাতি নিৰ্মাণত তেওঁলোকৰ বৰঙনি আৰু তেওঁলোকৰ ত্যাগৰ সন্মানস্বৰূপে সম্বৰ্ধনা জনোৱা হ’ব।

আজি অধিৱেশনৰ মূল দ্বাৰ মুকলি কৰে এবছুৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি তথা কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্বজেন্দ্ৰ ব্ৰহ্মই। ৮ নং দতমা বি টি চি পৰিষদীয় সদস্য জটিৰিন্দ্ৰ ব্ৰহ্মই স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য মঞ্চ  উদ্বোধন কৰাৰ পিছত পৰ্যায়ক্ৰমে খাদ্য থলী, প্ৰতিনিধি শিবিৰকে ধৰি শিবিৰ সমূহ উদ্বোধন কৰা হয়।

সন্ধিয়া প্ৰতিনিধি পঞ্জীয়নৰ কৰা পিছতেই প্ৰথম প্ৰতিনিধি সভা আৰম্ভ হয়।