NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিশেষ পৰিৱেশ দূত জন কেৰী ভাৰতলৈ আহিব; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 9:27 am
960x0

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পৰিৱেশ সম্পৰ্কীয় বিশেষ দূত জন কেৰী ভাৰত ভ্ৰমণলৈ আহিব। মাৰ্কিন যুক্তৰাষ্ট্ৰ সংশ্লিষ্ট বিভাগে বুধবাৰে এই কথা প্ৰকাশ কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি ১ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ এছিয়া ভ্ৰমণলৈ আহিবলগীয়া জন কেৰী সংযুক্ত আৰৱ এমিৰেটৰ আবুধাবি, ভাৰতৰ নতুন দিল্লী আৰু বাংলাদেশৰ ঢাকা ভ্ৰমণ কৰিব।

এই ভ্ৰমণ কালছোৱাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিশেষ পৰিৱেশ দূতগৰাকীয়ে জলবায়ু সংকট সম্পৰ্কীয় আলোচনাত মিলিত হ’ব।

২২-২৩ এপ্ৰিলৰ পৰা জলবায়ু সম্পৰ্কীয় আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ ভাৰ্চুৱেল সন্মিলন ‘লিডাৰ্ছ চামিট অন ক্লাইমেট’ আৰু এই বছৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ৰোধ পৰিকাঠামো নিৰ্মাণৰ ২৬ সংখ্যক ‘কনফাৰেন্স অৱ দ্য পাৰ্টিছ’ৰ বাবে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পৰামৰ্শ গ্ৰহণৰ বাবে জেন কেৰীয়ে এছিয়াৰ এই তিনি দেশ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে।

“জলবায়ু সংকটৰ মোকাবিলা কেনেদৰে কৰিব লাগে সেই বিষয়ে এমিৰেট, ভাৰত আৰু বাংলাদেশৰ বন্ধুবৰ্গৰ সৈতে অৰ্থপূৰ্ণ আলোচনাৰ বাবে অপেক্ষা কৰি আছো।” টুইটাৰত এক টুইট কৰি এইদৰে কয় জন কেৰীয়ে।

উল্লেখ্য যে জলবায়ু সম্পৰ্কীয় ২ দিনীয়া ভাৰ্চুৱেল সন্মিলনখনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিশ্বৰ ৪০ দেশৰ নেতাক আমন্ত্ৰণ জনাইছে।

“এই ২ দিনীয়া ভাৰ্চুৱেল সন্মিলনখন নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ বাবে এক মাইলষ্টোন হ’ব বুলি আশা কৰা হৈছে।” যোৱা সপ্তাহত কেৰীয়ে কৈছিল।

উল্লেখ্য যে ৰাষ্ট্ৰপতি বিডেনৰ ভাৰ্চুৱেল সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, জাপানিজ প্ৰধানমন্ত্ৰী য়’শ্বিহিদি চুগা, ব্ৰাজিলৰ ৰাষ্ট্ৰপ্ৰতি জীয়াৰ বালচ’নাৰ’, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেও, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানয়াহু, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন আদি বিশ্বৰ প্ৰায়সমূহ আগশাৰীৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানসমূহে অংশগ্ৰহণ কৰাৰ কথা।