NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ মিটাৰ দৈৰ্ঘৰ ডাইনোচৰৰ কংকাল উদ্ধাৰ, ৮৫ মিলিয়ন বছৰ পূৰ্বে আছিল ত্ৰাসৰ কাৰক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 1, 2021 9:22 am

এসময়ত সন্ত্ৰাস সৃষ্টি কৰা এটা বিশাল ডাইনোচৰৰ কংকাল পোৱা গৈছে।

আৰ্জেণ্টিনাৰ দক্ষিণ অঞ্চলৰ পাটাগনিয়াত বিজ্ঞানীসকলে লাভ কৰা প্ৰায় পাঁচ মিটাৰ দৈৰ্ঘ্যৰ ডাইনচোৰটোক স্থানীয় মাপুচে ভাষাত ‘ত্ৰাসৰ কাৰক’ৰূপে নামাকৰণ কৰা হয়।

বিজ্ঞানীসকলে ডাইনোচৰটোক লুকাল্কান আলিয়ক্ৰেনিয়ানুছ প্ৰজাতিৰ বুলি চিহ্নিত কৰিছে।

শিংযুক্ত এই ডাইনোচৰবিধে ৮৫ মিলিয়ন বছৰ পূৰ্বে দক্ষিণ আমেৰিকাত দপদপাই ফুৰিছিল.

ইয়াৰোপৰি, বিজ্ঞানীসকলে ডাইনোচৰচোৰ কংকালৰ কাষতে আন এটা ডাইনোচৰৰো কংকালৰ অৱশিষ্ট লাভ কৰিছে।

দুয়োটা ডাইনোচৰেই মাংসহাৰী আছিল।

বিজ্ঞানীসকলে কয় যে একেটা প্ৰজাতিৰে দুটাকৈ মাংসহাৰী তথা চিকাৰী ডাইনোচৰক এনেদৰে একেলগে দেখা পোৱাটো ব্যতিক্ৰম।

মঙলবাৰে বিজ্ঞানীসকলে তেওঁলোকৰ আৱিষ্কাৰৰ কথা প্ৰকাশ কৰিছে।

এই লুকালকুন ডাইনোচৰবিধ দুঠেঙীয়া আৰু কান্ধ দুটা সৰু আছিল।

তদুপৰি ডাইনোচৰবিধৰ সৰু শিং আৰু সৰু আঙুলিও আছিল।

ডাইনোচৰবিধৰ ওজন একৰ পৰা পাঁচ টন বুলি ঠিৰাং কৰা হৈছে।

ডাইনোচৰবিধ চিকাৰত নৃশিংস আছিল।

শক্তিশালী শৰীৰেৰে ই একেটা কামোৰতে জীৱ-জন্তুক নিজৰ খাদ্য হিচাপে ভক্ষণ কৰিছিল।

তদুপৰি ইয়াৰ শ্ৰৱণশক্তিও অন্যান্য ডাইনোচৰবোৰতকৈ প্ৰখৰ আছিল।

উল্লেখযোগ্য যে শেহতীয়াকৈ আৰ্জেণ্টিনাত কেইবাটাও ডাইনোচৰৰ কংকাল উদ্ধাৰ কৰা হৈছে।

২০১৪ চনতো এটা ডাইনোচৰৰ কংকাল আৱিষ্কাৰ কৰা হৈছিল আৰু ঠাৱৰ কৰা হৈছিল যে ডাইনোচৰটোৰ ওজন আছিল ১৪টা হাতীৰ সমান।

এই ডাইনোচৰটো এতিয়ালৈকে উদ্ধাৰ হোৱা আটাইতকৈ বৃহৎ ডাইনোচৰ হিচাপে গণ্য কৰা হৈছে।