NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ৰে’লৱে ষ্টেশ্যনত ২৫ কেজি গাঞ্জাসহ এজনক আটক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 15, 2018 3:27 pm

মহানগৰীৰ ৰে’লৱে ষ্টেশ্যনত আজি পুৱা ৫.৩০ বজাত ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা এজল লোকক ২৫ কেজি গাঞ্জাসহ আটক কৰে।

আটকাধীন লোকজনক ৰে’লৱে আৰক্ষীয়ে পাপু সিং বুলি চিনাক্ত কৰিছে। লগতে ধৃত পাপ সিং ভজপুৰ বিহাৰৰ বিবিগানি গাঁৱৰ নগেন সিঙৰ পুত্ৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আটকাধীন লোকজনে নামনিমুৱা ২০৫০৫ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছেৰে গাঞ্জাখিনি বিহাৰলৈ বুলি আনিছিল। আৰু এই গাঞ্জাখিনি ডিমাপুৰৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।